সোণাৰিত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে "ৰাণ ফৰ ইউনিটি"ৰ আয়োজন
ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে দেশব্যাপী পালন কৰা ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি আজি সোণাৰিত "ৰাণ ফৰ ইউনিটি" নামেৰে এক দৌৰৰ আয়োজন কৰা হয়। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত, ভাৰতীয় সেনা বাহিনী আৰু বিভিন্ন সংগঠনৰ সহযোগত সোণাৰি ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ কৰা এই দৌৰৰ আৰম্ভণিতে অংশগ্ৰহণকাৰী সকলক দিৱসৰ লগত সংগতি ৰাখি শপত বাক্য পাঠ কৰোৱা হয়। ইয়াৰ পিছতে কাৰ্যসূচীৰ ফ্লেগ অফ কৰে চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়াই। অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈয়ে আঁতধৰা অনুষ্ঠানটোত সোণাৰি পৌৰপতি তিলক চন্দ্ৰ নেওগে অংশগ্ৰহণ কৰি ভাষণ দিয়ে। ৰাষ্ট্ৰীয় একতা দিৱসৰ দৌৰত সোণাৰি অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা কেইবাহাজাৰ ছাত্ৰ ছাত্ৰী, নিৰাপত্তা বাহিনী আৰু বিভিন্ন সংগঠনৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে।