অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু উদ্যোগ আৰু বাণিজ্য, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বড়াই আজি চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা যুটীয়া আঞ্চলিক সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী হনচুন নানদামৰ নেতৃত্বত অহা দলটিৰ সৈতে বৈঠকত অংশ লৈ চৰাইদেউ জিলাৰ সৈতে থকা অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ সীমা সমস্যাৰ ওপৰত আলোচনা কৰে।

আলোচনাকালত সীমা সমস্যাৰ স্থায়ী সমাধানৰ অবিহনে সীমা অঞ্চলত বসবাস কৰি থকা লোকসকলৰ সামগ্ৰিক উন্নয়ন সম্ভৱপৰ নহয় বুলি দুয়োগৰাকী মন্ত্ৰীয়ে মত পোষণ কৰে। কৃষি মন্ত্ৰী অতুল বৰাই ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক প্ৰয়াসৰ ফলত ৰাজ্য দুখনৰ মাজত থকা সীমা সমস্যাই সমাধানৰ মুখ দেখিবলৈ গৈ আছে বুলি কয়। সভাত অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পৰ্যায়ত অহা ৩১ অক্টোবৰত ইটানগৰত অনুষ্ঠিত হ'বলগীয়া বৈঠকত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিক নিজ নিজ প্ৰতিবেদন উপস্থাপন কৰিবলৈ কোৱা হয়। 

 

আজিৰ বৈঠকত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, কানুবাৰী সমষ্টিৰ বিধায়ক জি ডি ৱাংচু, লংডিং-পুমাউ সমষ্টিৰ বিধায়ক টানফু ৱাংনো, চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা আৰু লংডিং জিলাৰ উপায়ুক্ত বানি লেগোৱে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত নিজ নিজ বক্তব্য ৰাখে। 

 

চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই বৈঠকত আদৰণি ভাষণ আগবঢ়ায়। 

 

আজিৰ বৈঠকত চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে জাবেদ আৰমান, মৌচুমী চেতিয়া আৰু অভিজিত গগৈ, সহকাৰী আয়ুক্তসকল ক্ৰমে জাহ্নবী গোস্বামী, সমুজ্বল বড়া আৰু সুপ্ৰভা ৰয়, নিৰ্বাচনী বিষয়া নিবেদিতা বৰঠাকুৰ, সাপেখাতিৰ ৰাজহ চক্ৰ বিষয়া ডাঃ অনামিকা গগৈ, সোণাৰিৰ ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) নৱজ্যোতি চহৰীয়াৰ লগতে লংডিং জিলাৰ অতিৰিক্ত উপায়ুক্ত টেচু অৰন, লাউনুৰ ৰাজহ চক্ৰ বিষয়া য়োৱা আন্যা, আৰু কানুবাৰীৰ অধিবক্তা নংকম ৱাংজেন উপস্থিত থাকে।

 

বৈঠকত আঁত ধৰে অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে।