অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ লাট মণ্ডল মদন নাথক উৎকোচ লোৱাৰ সময়তে হাতে লোটে আটক কৰা হয়।
বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰযোগে এই কথা প্ৰকাশ কৰি চৰকাৰী বিষয়া-কৰ্মচাৰী সকলৰ মাজত থকা দুৰ্নীতিৰ শিপা উঘালি পেলাবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিব বুলি মন্তব্য কৰে।
দীৰ্ঘদিনৰ পৰা মাটিৰ নাম জাৰি কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাম-কাজৰ বাবে দৰিদ্ৰ ৰাইজৰ পৰা উৎকোচ লৈ অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।
সেয়ে আজি দুৰ্নীতি নিবাৰক শাখাৰ দলে গোপনে অভিযান চলাই ২০ হাজাৰ টকা লোৱাৰ সময়তে নাথক আটক কৰে।
উল্লেখ্য যে, নগৰবেৰা ৰাজহ চক্ৰৰ ৫ নং লাটৰ লাটমণ্ডল হিচাপে কৰ্মৰত আছিল মদন কুমাৰ নাথ।