বিষয়াৰ ঘৰত যেতিয়া লাখে লাখে টকাৰ নোটৰ পাহাৰ ওলায়, তেতিয়া আমাক কোনে বিশ্বাস কৰিব৷ প্ৰাপ্য কামৰ বাবে চৰকাৰী বিষয়াক কিয় টকা দিব লাগে৷ বহুদিনৰ পাছত অসম প্ৰশাসনিক সেৱাৰ যুটীয়া সচিব পৰ্যায়ৰ বিষয়া এজনক হাতে-লোটে বিষয়াৰ ঘৰত লাখে লাখে টকা লওঁতে অসম আৰক্ষীয়ে ধৰা পেলাইছে৷ তেওঁৰ ঘৰৰ পৰা ৫০ লাখ টকা জব্দ কৰিছে৷’– এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম প্ৰশাসনিক সেৱা, অসম আৰক্ষী সেৱা আৰু সংলগ্ন সেৱাৰ নৱনিযুক্ত বিষয়াৰ (৩৩১ জন) লগতে জলসিঞ্চন বিভাগৰ নৱনিযুক্ত কনিষ্ঠ অভিযন্তাসহ মুঠ ৬৫৫জন প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে চৰকাৰী বিষয়াৰ চাকৰিত নিযুক্তি-পত্ৰ প্ৰদান কৰি ভাষণত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– ‘আজি অসম প্ৰশাসনৰ বাবে এটা অতি উল্লেখযোগ্য দিন৷ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা ৰাজ্য প্ৰশাসনৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়৷ ইউপিএছচি, এপিএছচিৰ পৰীক্ষাৰ ফলাফলৰ গুণগত মানক লৈ জনসাধাৰণৰ মাজত আলোচনা হয়৷ তাৰ মূল কাৰণটোৱেই হ’ল আজি যিসকলে বিভিন্ন বিভাগত নিযুক্তি পাইছে অহা দহ বছৰ বা ১৫ বছৰৰ পাছত লীডাৰশ্বিপ ৰুলত আহিব৷ সেইকাৰণে প্ৰশাসনৰ ভৱিষ্যৎআমাৰ কম্বাইন চিভিল ছাৰ্ভিচৰ ওপৰত নিৰ্ভৰ কৰে৷ সেই পৰীক্ষাত যেতিয়া কালিমা আহে, পৰীক্ষাক সন্দেহৰ চকুৰে চোৱা যায়, প্ৰশাসনত ডিমৰেলাইজেশ্বন হয়৷ প্ৰশাসনৰ গুণগত কোৱালিটী হ্ৰাস পায় আৰু ইয়াৰ ফলাফলত জনসাধাৰণে যথেষ্ট কষ্ট ভোগ কৰিবলগীয়া হয়৷ ভুল সিদ্ধান্ত আৰু ভুল বিবেচনাই মানুহৰ জীৱন আৰু সম্পত্তিৰ ওপৰত প্ৰশ্নবোধক চিন আনিব পাৰে৷ চৰকাৰৰ ক্ষতি হ’ব পাৰে৷ দৰিদ্ৰজনৰ জীৱনলৈ অন্ধকাৰ নামি আহিব পাৰে৷ ৰাজনৈতিক মতাদৰ্শৰ ওপৰত থাকিও যোৱা ৭৫ বছৰে ভাৰতবৰ্ষৰ যিকোনো চৰকাৰে ইউপিএছচিৰ গৰিমা সদায়ে অক্ষুণ্ণ ৰাখিছে৷ ইয়াক এটা স্বতন্ত্ৰ অনুষ্ঠান হিচাপে গঢ় দিছে৷ অসমৰ বাবে দুৰ্ভাগ্য আছিলে যে এটাসময়ত লোকসেৱাৰ নিযুক্তিৰ ক’ৰ ভেল্যুৰ লগত কম্প্ৰমাইজ হৈছিল, তাৰ ফলত যোৱা দশকত আমি বিভিন্ন ধৰণে পিছ পৰি ৰ’লোঁ৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ সভাবিলাকলৈ আমি যেতিয়া যাওঁ তাক আমি মৰ্মে মৰ্মে উপলব্ধি কৰোঁ৷ প্ৰযুক্তিৰ যেতিয়া ক্ষেত্ৰত আমি ইমান পিছুৱাই আছোঁ যে আন ৰাজ্যবিলাকে প্ৰযুক্তিৰ জৰিয়তে সমাজৰ শেষজন লোকলৈ চৰকাৰী প্ৰশাসন যন্ত্ৰৰ সুফল কঢ়িয়াই আনিব পাৰিছে৷ প্ৰশাসন যন্ত্ৰত যোৱা দশকত কোৱালিটীৰ লগত কম্প্ৰমাইজ কৰাৰ বাবেই আমি দেশৰ আন ৰাজ্যৰ লগত সমানে খোজ পেলাব পৰা নাই৷ এতিয়া দুটা দশকৰ অসুবিধালৈ আমি আন ৰাজ্যৰ সমানে দৌৰিব লগা হৈছে৷ যদি প্ৰধানমন্ত্ৰীলৈ লিখা চিঠি এখন ভালকৈ আমি ড্ৰাফট কৰিব নোৱাৰোঁ, দিল্লীৰ পৰা অহা বিষয়াজনক ডিল কৰিব নোৱাৰোঁ, আইটিৰ ক্ষেত্ৰত যদি আমি সমানে খোজ পেলাব নোৱাৰোঁ, তেনেহ’লে স্বাভাৱিকভাৱে এনে প্ৰশাসনিক বিষয়াৰ পৰা আমাৰ ৰাজ্যৰ স্বাৰ্থত আঘাট হয়৷ মই ন-পুৰণি অসম প্ৰশাসনিক সেৱাৰ বিষয়াসকলক অনুৰোধ কৰিম যে তথ্য প্ৰযুক্তি, ডিজিটেলাইজেশ্বনক বৰ্তমান জীৱনৰ অংগ বুলি গ্ৰহণ কৰিব৷ আজিৰ দিনটো আমাৰ বাবে দুখৰো দিন৷ হয়তো বহু দিনৰ পাছত অসম প্ৰশাসনিক সেৱাৰ যুটীয়া সচিব পৰ্যায়ৰ বিষয়া এজনক হাতে-লোটে টকা লওতে অসম আৰক্ষীয়ে ধৰা পেলাইছে আৰু তেওঁৰ ঘৰৰ পৰা ৫০ লাখ টকা যোৱাকালি জব্দ কৰিছে৷ ৰাজনৈতিক নেতাৰ ঘৰত এনেকুৱা হ’লে হয়তো সি এটা বাতৰি হ’লহেঁতেন, কিন্তু যেতিয়া গৃহ বিভাগৰ প্ৰশাসনিক বিষয়া এজনৰ ঘৰত এনেকুৱা ঘটনা হয় তেতিয়া আমাৰ মনত এটাই প্ৰশ্ন হয়– আমাৰ ৰাজ্যখনৰ ভৱিষ্যৎ কি? আমাৰ সমাজখন কিমান দূৰলৈ আগুৱাব পাৰিব? প্ৰশাসনিক বিষয়াই হাতত কিবা এটা লোৱাৰ দহ মিনিটৰ ভিতৰতে মই খবৰ পাওঁ৷ এনে খবৰে মোক ব্যথিত কৰে৷ অফিচত পইচা ল’লে ধৰিব, গতিকে ঘৰত বা ধাবাত লয়– এইধৰণৰ ব্যৱস্থাই আমাক ভিতৰৰ পৰাই কলুষিত কৰে৷ পৰিৱৰ্তনৰ বাবেই আমি নিকা নিযুক্তিৰ ব্যৱস্থা কৰিছোঁ৷ আজিৰ দিনটোত নৱ নিযুক্ত সকলোৰে অন্তৰ পৱিত্ৰ৷ কিন্তু যেতিয়া কোনোবা অফিচত যাম আগত কাম কৰি থকা মানুহ এজনে শিকাই দিব– দাদা এনেকৈয়ে চলে, বাইদেউ এনেকৈয়ে চলে৷ আমাৰ প্ৰশ্ন হ’ব লাগিব– হয় মই জানো এনেকৈয়ে চলে কিন্তু মই ইয়াক পৰিৱৰ্তন কৰিবৰ বাবে আহিছোঁ৷ তেনেকৈ কোৱাৰ সাহস আমি কিমানজনে কৰিব পাৰিম৷ ১০১ পৰা চ্ছ্ৰটালৈ চাকৰি কৰাৰ ধাৰণাক মই গ্ৰহণ নকৰোঁ৷ ভগৱানে যেতিয়া আমাক এই পৃথিৱীলৈ আনে, তেতিয়া কোনো এক মহৎ উদ্দেশ্য চিহ্নিত কৰি আমাক আনে৷ কিবা এটা উদ্দেশ্যত ভগৱানে আমাক জন্ম দিয়ে৷ আহিবলগীয়া প্ৰত্যেকটো দিন, প্ৰত্যেকটো ক্ষণ ৰাইজৰ বাবে, সমাজখনৰ বাবে, সমাজখনৰ শেষত থিয় হৈ থকা ব্যক্তিজনৰ বাবে– এই অংগীকাৰৰে যেতিয়া আমি প্ৰশাসনিক সেৱাত যোগদান কৰিম, মই ভাবো জীৱন্তে অৰ্থ বিচাৰি পাব৷ যোৱা এটা বছৰত ৪০ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক আমাৰ চৰকাৰখনে নিযুক্তি দিব পাৰিছে৷ আৰু ৬০ হাজাৰ যুৱক-যুৱতীক নিযুক্তিৰ আমি পম খেদিছোঁ৷ পাছৰ কথা নাজানোঁ, ২০২৬লৈকে আমাৰ চৰকাৰ থকালৈকে সদায় ভাল কাম কৰা বিষয়াৰ সৈতে আমাৰ চৰকাৰ থাকিব৷ এনেদৰে সাত দিনৰ ভিতৰত নিযুক্তি-পত্ৰ দিয়াৰ গতি আগত কোনো এটা এচিএছ বেটছে দেখা নাই৷’ ইফালে নৱাগত অভিযন্তাসকলক বিশেষভাৱে উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয়– ‘ৰাজ্য চৰকাৰে ৰাজহ ব্যয়ৰ বিপৰীতে মূলধনী ব্যয় বৃদ্ধি কৰিছে৷ যোৱা বছৰত প্ৰায় ২০ হাজাৰ কোটিটকা মূলধনী ব্যয়ত চৰকাৰে খৰচ কৰিছে৷ মূলধনী ব্যয়ৰ বাবে অভিযন্তাসকলৰ অতিকে প্ৰয়োজন৷ অভিযন্তাসকলৰ নিযুক্তিৰ ক্ষেত্ৰত আমি কেতবোৰ পৰিৱৰ্তন আনিব খাজিছোঁ৷ আগতে লোকসেৱা আয়োগে প্ৰত্যেকটো বিভাগৰ বাবে সুকীয়াকৈ পৰীক্ষা পাতিছিল৷ প্ৰাৰ্থীসকল মিউজিকেল চেয়াৰৰ দৰে ইটো বিভাগৰ পৰা সিটো বিভাগলৈ ঘূৰি থাকে৷ যদি গ্ৰামোন্নয়ন বা জলসিঞ্চনত পায় প্ৰাৰ্থীজন পুনৰ লোকনিৰ্মাণ বিভাগলৈ অহাৰ চেষ্টা কৰি থাকে৷ ইয়াৰ উদ্দেশ্য সকলোৱে জানে৷ সেই উদ্দেশ্যবোৰ লাহে লাহে অসমত শেষ হ’ব লাগে৷ সেইকাৰণে এইবাৰ আমি ইঞ্জিনিয়াৰৰ নিযুক্তি একেলগে কৰিম আৰু কোনে কি বিভাগ পাব লটাৰীৰ দ্বাৰা নিৰ্ণয় হ’ব৷ ইয়াৰ বাবে বিধানসভাত আইন অনা হ’ব৷ একেটা পেকেজত কাক আমি বেচিকৈ পইচা খাবলৈ সুবিধা দিয়া হ’ব, সেইটো চৰকাৰৰ বিবেচনাধীন হ’ব নোৱাৰে৷ চৰকাৰৰ বাবে প্ৰত্যেকটো বিভাগ সমানেই গুৰুত্বপূৰ্ণ৷ আমি আৰু এখোজ আগুৱাই গৈ ইঞ্জিনিয়াৰসকলৰ ইণ্টাৰ ডিপাৰ্টমেণ্ট বদলিৰো এটা ব্যৱস্থা কৰিব খুজিছোঁ৷ লোকনিৰ্মাণ বিভাগত যদিহে কাম বেছি থাকে তেন্তে জলসিঞ্চন, জলসম্পদ অতিৰিক্ত ইঞ্জিনিয়াৰসকলক লোকনিৰ্মাণলৈ অনা হ’ব৷ এনেদৰে আনোতে জ্যেষ্ঠতা অক্ষুন্ন ৰখা হ’ব৷’

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অসম প্ৰশাসনিক সেৱা, অসম আৰক্ষী সেৱা আৰু সংলগ্ন সেৱাৰ নৱনিযুুক্ত বিষয়াসকলৰ লগতে জলসিঞ্চন বিভাগৰ নৱনিৰ্বাচিত ৩২৫ গৰাকী কনিষ্ঠ অভিযন্তাৰ মাজত আনুষ্ঠানিক নিযুক্তিপত্ৰ বিতৰণ কাৰ্যসূচীত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলেও অংশগ্ৰহণ কৰে৷ উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰা অবিৰত অভিযান অংশ হিচাপে আজি জলসিঞ্চন বিভাগৰ নৱনিৰ্বাচিত ৩২৫ গৰাকী কনিষ্ঠ অভিযন্তাক আনুষ্ঠানিক নিযুক্তিপত্ৰ প্ৰদান কৰা হয়৷ ইয়াৰে ২৪৯ গৰাকী চিভিল অভিযন্তা, ৬৪ গৰাকী মেকানিকেল অভিযন্তা আৰু ১২ গৰাকী বৈদ্যুতিক অভিযন্তা৷ ইয়াৰ পূৰ্বে যোৱা ২৩ ছেপ্টেম্বৰ তাৰিখেও বিভাগটোত ১৩৭ গৰাকী সহকাৰী অভিযন্তাক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছেল৷ এই প্ৰক্ৰিয়াক অধিক ত্বৰান্বিত কৰি অতি সোনকালেই জলসিঞ্চন বিভাগৰ তৃতীয় বৰ্গৰ পদত ৬৬৮ গৰাকী প্ৰাৰ্থী আৰু চতুৰ্থ বৰ্গৰ পদত ৫৪৩ গৰাকী প্ৰাথ¹ক নিযু্‌ক্তি প্ৰদান কৰা হ’ব৷ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে চলাই থকা নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতেই এই নিযুক্তিসমূহ প্ৰদান কৰা হ’ব৷ স্মৰ্তব্য যে জলসিঞ্চন বিভাগত এতিয়ালৈকে ২১ গৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক অনুকম্পামূলক নিযুক্তি প্ৰদান কৰাৰ উপৰি হিন্দুস্থান পেপাৰ কৰ্পোৰেশ্যন লিমিটেডৰ ২ গৰাকী প্ৰাক্তন কৰ্মচাৰীকো চতুৰ্থ বৰ্গৰ পদত নিয়োগ কৰা হৈছে৷ তদুপৰি অনুকম্পামূলক নিযুক্তিৰ বাবে থকা ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সিদ্ধান্তমৰ্মে কৰ্তব্যৰত অৱস্থাত মৃত্যুবৰণ কৰা জলসিঞ্চন বিভাগৰ প্ৰাক্তন কৰ্মচাৰীৰ ৪৮ গৰাকী যোগ্য নিকটাত্মীয়ক অনুকম্পামূলক নিযুক্তি প্ৰদানৰ বাবে চাৰিটা অন্যান্য বিভাগলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে৷