সোণাৰিত টাওকাক নৈ ঘাটত ষঠ পূজা পালন। 

সোণাৰিত সাৰ্বজনীন ষঠ পূজা পালন।

ছঠ পূজাৰ দিনা সূৰ্য দেৱতা আৰু ষষ্ঠী মাতাৰ পূজা কৰা হয়। ইয়াৰ লগতে এই দিনটোত মহাদেৱৰো পূজা কৰা হয়। এই দিনটোত উপবাসীয়ে নদীত স্নান কৰে।

কাতি মাহৰ শুক্ল পক্ষৰ ষষ্ঠীৰ দিনত ছট পূজা পালন কৰা হয়। ছট পূজা বা ষঠ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ। ছট পূজা ভাৰতবৰ্ষৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগৰ লগতে নেপালৰো বিভিন্ন অঞ্চলৰ স্থানীয় উৎসৱ। প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ছট বা ষঠ পূজা অনুষ্ঠিত কৰা হয়।

আজিৰ পৰা চৰাইদেউ জিলাৰ সোণাৰিত বিহাৰী সম্প্ৰদায়ৰ ষঠ পূজা পালন কৰা হয়। ঠিক এই বছৰো আজিৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোকৰ ছঠ পূজা ভাগ পালন কৰিবলৈ আগবাঢ়িছে সোণাৰিৰ বিহাৰী সম্প্ৰদায়ৰ লোকে।