টিংখাং বিধানসভা সমষ্টিৰ বৃহত্তৰ লেঙেৰী মৌজাৰ ৫২ খন গাঁৱৰ ছাত্র ছাত্ৰী সকলৰ একমাত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খনিয়ে সৌগৌৰৱেৰে ৭৫ বছৰ অতিক্ৰম কৰে। ঐতিহ্যমণ্ডিত বিদ্যালয় খনৰ ৭৫ বছৰীয়া পূৰ্তি উপলক্ষে বৰ্ষ জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰি অহা লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী সামৰণী অনুষ্ঠানটি যোৱা ২৭ অক্টোবৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়।
সমাৰোহৰ অন্তিম তথা শনিবাৰে সামৰণি অনুষ্ঠান বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হয়। বিশিষ্ট লোকশিল্পী মণিৰাম সোণোৱালে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দল সমূহে নিজৰ নিজৰ কলা কৃষ্টি প্ৰদৰ্শন কৰে। দুপৰীয়া মৰাণ কলেজৰ প্ৰাক্তন অধ্যক্ষ ডঃ যতীন চুতীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰাক্তন অধ্যক্ষ ডঃ দয়ানন্দ বৰগোহাঁইয়ে । উদযাপন সমিতিৰ সভাপতি প্ৰহ্লাদ টোডীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । সন্ধিয়ালৈ মানৱ দৰদী প্ৰয়াত ঘন কুমাৰ গগৈ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হব।
এই সাংস্কৃতিক সন্ধিয়াত বিদ্যালয় খনৰ বহু কেইগৰাকী প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান জনপ্ৰিয় শিল্পীয়ে গীতৰ শৰাই আগবঢ়াব। হীৰক জয়ন্তী সমাৰোহৰ উদযাপন স্থলীৰ পৰাই বৃহত্তৰ লেঙেৰী মৌজাৰ ৫২ খন গাঁৱৰ ৰাইজৰ একমাত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খনত বিজ্ঞান আৰু বাণিজ্য শাখা স্থাপন কৰি ছাত্র ছাত্ৰী সকলৰ অভাৱ পূৰণ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা স্থানীয় দল সংগঠন লোক সকলে ।