সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম গোট  দৰং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ঔতলা আঞ্চলিক ছাত্ৰ সন্থা গঠনৰ অভ্যৰ্থনা সমিতিৰ সহযোগত ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত আজি অনুষ্ঠিত বিশেষ প্ৰতিনিধি আৰু মুকলি সভাত ঔতলা আঞ্চলিক ছাত্ৰ সন্থা গঠিত হয়। তদুপলক্ষে দিনযোৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়।

কাৰ্যনিৰ্বাহক সমিতিৰ সভাপতি পদত পাৰ্থ প্ৰতীম শৰ্মা আৰু সাধাৰণ সম্পাদক হিচাপে অৰিন্দম শইকীয়া নিৰ্বাচিত হয়। নৱ নিৰ্বাচিত একৈচ জনীয়া  আঞ্চলিক সমিতি খনে অঞ্চলটিৰ শৈক্ষিক তথা অন্যান্য দিশত শক্তিশালী মঞ্চ হিচাপে কাম কৰিব বুলি বৃহত্তৰ ঔতলাবাসী ৰাইজে আশা প্ৰকাশ কৰে। অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক শশাঙ্ক প্ৰতীম শান্ডিল্যৰ পৰা পোৱা তথ্য অনুসৰি আজিৰ অনুষ্ঠানত ন-পুৰণি ছাত্ৰ সন্থাৰ কৰ্মী আৰু শুভাকাঙ্খীৰ উপৰিও জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি, শিক্ষাবিদৰ‌ লগতে শতাধিক ৰাইজ উপস্থিত থাকে। অনুষ্ঠানৰ সৈতৈ সঙ্গতি ৰাখি এখন স্মৰণিকা প্ৰকাশ হয় লগতে আমন্ত্ৰিত অতিথি শিল্পীয়ে গীত পৰিৱেশন কৰে।