এযোৰা নহয় দোযোৰা নহয় একেলগে বিবাহত বহিল 588 যোৰা দৰা কইনা ।  বুধবাৰে লখিমপুৰ চহৰৰ ত্যাগ ক্ষেত্ৰত অনুষ্ঠিত হল সামূহিক বিবাহ । জিলা খনৰ বিভিন্ন প্ৰান্তৰ 588 যোৰা দৰা কইনা সামাজিক ভাবে  বান্ধ খালে বৈবাহিক বান্ধোনত । লক্ষীমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু উত্তৰা খণ্ডৰ Hans Foundation ৰ সহযোগত অনুষ্ঠিত হল এই সামুহিক বিবাহ । বৈদিক আৰু বিধিপাঠ এই দুয়োটা পদ্ধতিৰেই চলিল বিবাহৰ কাৰ্য্যসূচী।   বিবাহ স্থলীত চলিল জাউৰীয়ে জাউৰীয়ে  বিয়ানাম। চলিল ভোজ ভাত ।