ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ- নাহৰকটীয়া পথৰ তিলৈজানত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। মটৰ চাইকেল আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। জানিব পৰা অনুসৰি মটৰ চাইকেলত আছিল দুজনকৈ যুৱক আৰু স্কুটীত আছিল এহাল যুৱক- যুৱতী।
ঘটনাৰ পাছতেই দুই মটৰ চাইকেল আৰহীক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে স্কুটী আৰোহী যুৱক- যুৱতী দুগৰাকীক মৰাণ ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও প্ৰেম গড়(19) নামৰ যুৱকজন মৃত বুলি ঘোষণা কৰে চিকিৎসকে। ইয়াৰ পাছতেই নিৰ্মলা গড়(15) নামৰ যুৱতী গৰাকীক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। মৃত যুৱকজন তিলৈজান বৰলাইনৰ সুগীতা গড়ৰ পুত্ৰ বুলি জানিব পৰা গৈছে। সন্ধিয়া সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ মৰাণত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।