লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিন উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি চৰাইদেউ জিলাৰ সোনাৰীৰ ভজো স্থিত শিক্ষা আৰু প্ৰশিক্ষন প্ৰতিষ্ঠানৰ চৌহদৰ পৰা পৰা CRPF ভজো কেন্দ্ৰৰ উদ্যোগত জিলা আৰু ছাত্ৰ-ছাত্ৰী সকলৰ  সহযোগত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিন উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি এক বাইক ৰেলী অনুষ্ঠিত কৰা হয়।

মুলতঃ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিন উপলক্ষে ছাত্ৰ-ছাত্ৰী সকলৰ সহযোগত CRPF ৰ জোৱান আৰু বিষয়া সকলে সজাগতা সৃষ্টিৰ মানসেৰে একতাৰ বাণী কঢ়িয়াই আৰু এই ধৰনেৰে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই বাইক ৰেলীত অংশ গ্ৰহন কৰে।ভাৰত মাতা কি জয় আদি শ্লোগানেৰে ঐক্যৱদ্ধ হোৱাৰ বাণীৰে ভজো প্ৰথম কেম্পে প্ৰথম দিনৰ কাৰ্য্যসূচী হিচাবে বাইক ৰেলী অনুষ্ঠিত কৰে।

জানিব পৰা মতে ইয়াৰ পিছতে চাইকেল লেলী আৰু অন্যান্য কাৰ্য্যসূচী গ্ৰহন কৰাহ'ব। ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে এই কাৰ্য্যসূচী ৩১অক্টোবৰলৈক তিনিদিন ধৰি পালন কৰা হ'ব