'শৰত কালৰ ৰাত্ৰি অতি বিতুপন ৰাসক্ৰিয়া কৰন্তে কৃষ্ণৰ ভৈল মন'। শৰতৰ পূৰ্ণিমা ৰাতি সু-সজ্জিত আলোকময় গকুল-বৃন্দাবনৰ বিনন্দীয়া নান্দনিক পৰিৱেশৰ মাজত মাজুলীত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উপভোগ কৰিবলৈ অধিৰ আগ্ৰহেৰে বাট চায় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জনসাধাৰণৰ লগতে সাত সাগৰ, তেৰ নদীৰ সিপাৰৰ হাজাৰ হাজাৰ পৰ্যটকে। এতিয়া সেই সময় সমাগত।

সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ অন্যতম আধ্যাত্মিক উত্সৱ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদ্ যাপনৰ বাবে মহা আৰম্বৰেৰে প্ৰস্তুতি চলিছে। জাতি-জনগোষ্ঠীৰ মিলনভূমি মাজুলীৰ বিভিন্ন সত্ৰ, নামঘৰ, ৰংগমঞ্চসমূহত পূৰ্বৰ পৰম্পৰা অটুত ৰাখি লক্ষী পূৰ্ণিমাতে শৰাই নৈবেদ্য আগবঢ়াই নাটক মেলা পৰ্ব আৰম্ভ কৰে আৰু তাৰ লগে লগে ৰাতি এপৰলৈকে শিশুৰ পৰা বৃদ্ধলৈকে জড়িত হৈ পৰে ৰাসৰ আখৰাত।

বিগত বছৰবোৰৰ দৰে এইবছৰো সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ মাজুলীৰ সত্ৰ, নামঘৰৰ লগতে প্ৰায় পঞ্চাশৰো অধিক ৰংগমঞ্চত ৭, ৮ আৰু ৯ নৱেম্বৰত ৰাসোত্সৱ উদ্ যাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। আধ্যাত্মিক চেতনা আৰু অত্যাধুনিক কলা-কুশলীৰে সৰ্বত্ৰে চমকপদ সৃষ্টি কৰা ৰাসোত্সৱ উপভোগ কৰিবলৈ দেশী-বিদেশী পৰ্যটকৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অগনন লোকে এই সময়চোৱাতে ভিৰ কৰেহি মাজুলীত।

উল্লেখ্য যে পৰম্পৰা আৰু ঐতিহ্য অটুত ৰাখি একতাৰ এনাজৰীৰে প্ৰতি বছৰে পালন কৰি অহা ৰাসোত্সৱে মাজুলীক বিশ্ববাসীৰ ওচৰত কেৱল চিনাকী কৰাই দিয়াই নহয় প্ৰেম-ভাতৃত্ববোধৰ এক সুকীয়া মাত্ৰাও প্ৰদান কৰি আহিছে। মুঠতে এতিয়া মাজুলীৰ সত্ৰ, নামঘৰ, ৰংঘৰ সমূহত গোপ-গোপীৰ নাচোনৰ ভংগীমাৰ মাজে মাজে অঘাসুৰ, বকাসুৰ, শংখচোৰৰ দপদপনিৰ মাজতে ৰাতি এপৰলৈকে চলিছে কংস বধৰ আখৰা।

ৰাসোত্সৱৰ ব্যস্ততাৰ মাজতে আলহি-অতিথিক আদৰিবলৈও সাজু হৈছে মাজুলীবাসী। দ্বীপ জিলাখনৰ নামঘৰ, সত্ৰানুষ্ঠানসমূহৰ লগতে নতুন বজাৰস্থিত উজনি মাজুলী মিলন সংঘত অসমীয়া আৰু মিচিং ভাষাত অত্যাধুনিক কাৰিকৰী কৌশলেৰে ৰাসোৎসৱ উদ্ যাপনৰ প্ৰস্তুতি চলোৱাৰ লগতে পানীখাতী নৱজ্যোতি মিলন সংঘ, চামগুৰি, বনগাওঁ, ৰঙাচাঁহী, ফুলনি, ৰতনপুৰ আদিতো ৰাসোৎসৱৰ ব্যাপক প্ৰস্তুতি চলাইছে।