ৰাজ্য চৰকাৰে বৰ বিষ স্বৰূপ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সময়তে একাংশই ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় গোপনে অব্যাহত ৰাখিছে। সম্প্ৰতি একাংশ যুৱক যুৱতীও ইয়াৰ কৱলত পৰি সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ উপৰিও ঘৰ সমুহৰ অশান্তিৰ কাৰণ হৈ পৰিছে। ইয়াৰ মাজতে আজি দুপৰীয়া চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাজানত গোপন সুত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত দুজন যুৱকৰ সৈতে ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয় ।নগাঁও জুৰীয়াৰ পৰা দুই অপৰাধীয়ে এএছ ০২এ ই ২৪৭৯ নম্বৰৰ আপাচ্ছী মটৰচাইকেলৰে খনামুখৰ দিশে আনি থকা সময়ত চাৰিদুৱাৰ আৰক্ষীয়ে খেদি খেদি ৰঙাজান বজাৰৰ সমীপত কৰায়ত্ব কৰিবলৈ সক্ষম হয়। দুটা প্লাষ্টিকৰ বাকছত অনা ৩০ গ্ৰাম ওজনৰ দুই পেকেটত ড্ৰাগছ ধৃত যুৱকদ্বয়ৰ পৰা উদ্ধাৰ কৰে। উল্লেখ্য যে নগাঁও ৰূপহী তৰাবাৰীৰ কাছেম আলিৰ পুত্ৰ তফজ্জুল হুছেইন (২৪) আৰু ৰূপহী দক্ষিণ খটুৱালৰ নুৰুদ্দিনে (৩২) বৰ বিষ ড্ৰাগছ খিনি জুৰীয়াৰ পৰা অনা বুলি প্ৰকাশ কৰাৰ লগতে ইয়াৰ মূল্য ২৬ হাজাৰ বুলি আৰক্ষীক স্বীকাৰোক্তিত প্ৰকাশ কৰে যদিও ইয়াৰ প্ৰকৃত মূল্য প্ৰায় সাত লাখ টকা বুলি আৰক্ষীয়ে জানিব দিয়ে। আৰক্ষীৰ এই অভিযানত আৰক্ষী চক্ৰ বিষয়া হেমেন দাস, চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপু বৰা আৰু যান বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মহিবুল আলিয়ে নেতৃত্ব দিছিল। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে অধিক তথ্য উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જૂની પેન્શન યોજના શરૂ કરવા અને ફિક્સ પગાર પ્રથા બંધ કરવાની માંગ સાથે કેશોદમાં કર્મચારીઓની રેલી
જૂની પેન્શન યોજના શરૂ કરવા અને ફિક્સ પગાર પ્રથા બંધ કરવાની માંગ સાથે કેશોદમાં કર્મચારીઓની રેલી
पटना तमोली गेहूं खरीदी केंद्र का नहीं हुआ शुभारंभ सलेहा मंडी प्रांगण में होगा खरीदी कार्य
गुनौर :सेवा सहकारी समिति पटना तमोली द्वारा शासन के निर्देशानुसार गेहूं खरीदी केंद्र के लिए...
चिपळूण पेठमाप येथील महिलेच्या खून प्रकरणी मुख्य सूत्रधाराला अटक
चिपळूण : शहरातील पेठमाप येथे एका महिलेच्या खूनप्रकरणी पोलिसांनी शनिवारी सहा दिवसाने मुख्य...
6G In India | पूरी दुनिया में अब होगा भारत का जलवा, अब तक कहां पहुंची 5G की तैयारी? | Tejas Networks
6G In India | पूरी दुनिया में अब होगा भारत का जलवा, अब तक कहां पहुंची 5G की तैयारी? | Tejas Networks
Fit 24 শৰীৰ চৰ্চা কেন্দ্ৰৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত
Fit 24 শৰীৰ চৰ্চা কেন্দ্ৰৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত