দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি থকা অভিযানৰ পিছতে এইবাৰ উৎকোচ লৈ হাতে লোটে ধৰা পৰিল অসম চৰকাৰৰ যুটীয়া সচিব কে কে শৰ্মা।

ছিকিউৰিটী ফাৰ্মৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ নামত ৯০ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰণ শাখাৰ দলে তেওঁক গ্ৰেপ্তাৰ কৰে। 

উল্লেখ্য যে, বিগত চাৰি-পাঁচ মাহৰ ভিতৰত দুৰ্নীতি নিবাৰক শাখাৰ দলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই প্ৰায় ৬০-৭০ জন ঘোচখোৰ চৰকাৰী বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।