অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, দেওমৰনৈ আঞ্চলিক সমিতিৰ অন্তৰ্গত বালিপোতা শাখা সমিতি গঠন

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দেওমৰনৈ আঞ্চলিক সমিতিৰ অন্তৰ্গত বালিপোতা শাখা সমিতিখন গঠন কৰা হৈছে। সেই উপলক্ষে পৰিষদৰ দেওমৰনৈ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিপুল কুমাৰ নাথে উদ্দেশ্য ব্যাখ্যা কৰা সভাখন সঞ্চালনা কৰে আঞ্চলিক সমিতিৰ সভাপতি কমলা ডেকাই। 

পৰিষদৰ দৰং জিলা সমিতিৰ উপদেষ্টা নৱজিৎ শৰ্মা আৰু জিলা সমিতিৰ সভাপতি দিগন্ত ডেকা উপস্থিত থকা সভাখনত ৰাজু ডেকাক সভাপতি, প্ৰশান্ত শইকীয়া, নিভাৰাণী নাথক উপ-সভাপতি, জয়ন্ত নাথক সাধাৰণ সম্পাদক, চুমিৰাণী নাথ আৰু খঞ্জন নাথক সহকাৰী সম্পাদক হিচাপে লৈ বালিপোতা শাখা সমিতিখন গঠন কৰা হয়।