অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি-২০২১ -ৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি চৰাইদেউ জিলাৰ সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত জিলাখনৰ হিতাধিকাৰী সকলৰ মাজত অনুষ্ঠানিকভাৱে উদগনিমূলক চেক্ প্ৰদান কৰা হয়।
অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই বিগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে অসমৰ ৰাইজক যি প্ৰতিশ্ৰুতি দিছিল সেয়া আখৰে আখৰে পালন কৰিছে বুলি মন্তব্য কৰে। তেওঁ মুখ্যমন্ত্ৰী গৰাকীক তেখেতে গ্ৰহণ কৰা পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ ঋণগ্রস্ত মহিলা সকলক ভৱিষ্যতে পৰিশোধৰ ক্ষমতা অনুসৰি ঋণ লোৱাৰ পৰামৰ্শ প্ৰদান কৰে যাতে আর্থিক সমস্যাত জুৰুলা হ'ব লগা নহয়।
যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি তেওঁৰ বক্তব্যত মহিলা সকলৰ আৰ্থিক স্বাৱলম্বিতাৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে উল্লেখ কৰে। ঋণগ্ৰস্ত মহিলা সকলৰ দুৰ্দশাৰ কথা অনুধাৱন কৰি মূখ্যমন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰা অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ সুফল জিলাখনৰ ৭৮৯ গৰাকী হিতাধিকাৰীয়ে লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে হিতাধিকাৰী সকলক অভিনন্দন জনাই ৰাজ্য চৰকাৰৰ জনকল্যাণকামী আঁচনি সমূহৰ বিষয়ে এক চমু অবলোকন দাঙি ধৰে।
চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰে। নিজ বক্তব্যত তেওঁ কয় যে, অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ দ্বিতীয় পৰ্যায়ত আজি জিলাখনৰ ৭৮৯ গৰাকী হিতাধিকাৰীৰ মাজত ১.২৬ কোটি টকাৰ চেক বিতৰণ কৰা হ'ব। তেওঁ আঁচনিখনৰ অধীনত হিতাধিকাৰীয়ে লাভ কৰা অধিকতম ৰাশি ২০,০০০ টকা বুলি উল্লেখ কৰে।
অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে আজিৰ অনুষ্ঠানৰ আঁত ধৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায়।
অনুষ্ঠানত সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, সোণাৰিৰ ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) নৱজ্যোতি চহৰীয়া, সহকাৰী আয়ুক্ত সুপ্ৰভা ৰয়, নিৰ্বাচনী বিষয়া নিবেদিতা বৰঠাকুৰ, বিশিষ্ট সমাজকৰ্মী সকল ক্ৰমে লক্ষীনাথ তাছা, দিলীপ কোঁৱৰ, কাজল দে', নাৰায়ণ লাহন, ৰাজেন গগৈ, মণ্টু কোঁৱৰ, উমা কান্ত তাছা, হৰেন গগৈ আৰু ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।