বৰহাট মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বর্ষৰ সামৰণী অনুষ্ঠান আৰম্ভব

মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান ২৫খন পতাকা উত্তোলনে আজি পৰা আৰম্ভ

 চৰাইদেউ জিলাৰ ঐতিহাসিক বৃহত্তৰ বৰহাট অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান বৰহাট মহাবিদ্যালয়।এই  মহাবিদ্যালয় খনৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তীৰ সমাৰোহৰ সামৰণি অনুষ্ঠানটো দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি পৰা আৰম্ভ হৈছে।আজি পুৱাৰে পৰা মহাবিদ্যালয় খনত  উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হৈছে। অসমৰ বিভিন্ন অঞ্চলত থকা প্ৰাক্তন ছাত্র-ছাত্ৰী,মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে  পৰিচালনা সমিতি শুভাকাংক্ষী ৰাইজৰ একত্ৰিত হয়। প্ৰথম দিনাৰ কাৰ্যসূচী পুৱা পতাকা উত্তোলন কৰ যোৰহাট লোক সভাৰ সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে । মহাবিদ্যালয় পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰমোদ বৰগোঁহাই,আনহাতে  মহাবিদ্যালয় ৰূপালী জয়ন্তী উপলক্ষে ২৫খন পতাকা অঞ্চলটোৰ  ২৫জন বিশিষ্ট লোকৰ দ্বাৰা  উত্তোলন কৰা হয়।স্মৃতি তর্পণ কৰে অঞ্চলটোৰ চাৰিজন বিশিষ্ট সমাজকৰ্মীয়ে , শ্বহীদ তর্পণ ,বৃক্ষ ৰোপণ কৰা হয়।, গ্রন্থমেলা উদ্বোধন কৰে বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ জিতুমণি ভূঞাই  আৰু প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে বৰহাট জাতীয় বিদ্যালয়ৰ  অধ্যক্ষ  যতীন গগৈয়ে।আনহা

বিশেষ সম্বর্ধনা অনুষ্ঠান, প্রাক্তন শিক্ষক- শিক্ষয়িত্রী, প্রাক্তন ছাত্ৰ-ছাত্ৰী মাজত অন্তৰংগ আলাপ সতীৰ্থ সন্মিলন অনুষ্ঠিত হয়।