অৰ্কিড সংৰক্ষণৰ জৰিয়তে শিৰোনাম দখল টেঙাপুখুৰীৰ যুৱক অংকুৰৰাজ গগৈৰ।

প্ৰতিজন অসমীয়াৰ বাবে কপৌ ফুলেই হ'ল যৌৱনৰ প্ৰতীক, অসমীয়া ডেকা-গাভৰুৰ বাবে স্নেহৰ প্ৰতীক। কিন্তু অতি পৰিতাপৰ কথা যে অসমৰ হাবি-বননিবোৰত এতিয়া ক্ৰমাৎ হ্ৰাস পাব ধৰিছে কপৌফুল। ৰূপ, ৰঙ আৰু গন্ধৰে আমোলমোলাই থকা অতি ঔষধি গুণ যুক্ত কপৌ ফুলৰ বংশটোৱেই হ'ল 'অৰ্কিড'। বিশ্বৰ প্ৰকৃতিপ্ৰেমী সকলক 'অৰ্কিড'ৰ সমান আন কোনো ফুলেই হয়তো আকৃষ্ট কৰিবলৈ সক্ষম হোৱা নাই। যাৰ ফলত কালৰ সোঁতত ক্ৰমে হেৰাই যাবলৈ ধৰা অৰ্কিডৰ বিভিন্ন প্ৰজাতি সংৰক্ষণ কৰিবলৈ প্ৰদক্ষেপ গ্ৰহণ কৰিছে চৰাইদেউ জিলাৰ টেঙা পুখুৰীৰ উদীয়মান যুৱক অংকুৰ ৰাজ গগৈয়ে। প্ৰায় ২৩০০ টা বিভিন্ন প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ কৰা অংকুৰৰ অৰ্কিড উদ্যানত এতিয়া তিনিশ মান প্ৰজাতিৰ অৰ্কিড ডালভৰি ফুলিব ধৰিছে। নিজ গৃহতে স্থাপন কৰা এই অৰ্কিড উদ্যানলৈ আগমণ ঘটিছে পৰ্যটক তথা স্থানীয় লোকৰ। আনহাতে বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ সুবাসেৰে সুবাসিত এই বাগিচাৰ জৰিয়তে অংকুৰ ৰাজ গগৈয়ে অঞ্চলটোত গঢ়ি তুলিব বিচাৰিছে এটা পৰ্যটন কেন্দ্ৰ।