মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বাইছাৰ এমআইডিচি অঞ্চলৰ ভাগেৰিয়া কেমিকেল কোম্পানীত বয়লাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

এই দুৰ্ঘটনাত তিনিজন কৰ্মচাৰীৰ মৃত্যু হৈছে। একে সময়তে ১২ জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে।

বিস্ফোৰণৰ তথ্য পোৱাৰ পিছত, কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলত উপস্থিত হৈছে আৰু জুই নিয়ন্ত্ৰণ কৰাৰ বাবে চেষ্টা কৰে।

জানিব পৰা মতে, বহুতো লোক কাৰখানাৰ ভিতৰত আৱদ্ধ হৈ থকাৰো আশংকা কৰা হৈছে ।

পালঘৰ জিলা আৰক্ষীয়ে জনোৱা অনুসৰি, বিস্ফোৰণৰ পিছতে আহতসকলক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয়।

দৰাচলতে তাৰাপুৰ ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটৰ প্লট নম্বৰ ডি১১৭ ত ভাগেৰিয়া ইণ্ডাষ্ট্ৰিজ লিমিটেডত উৎপাদনৰ সময়ত বুধবাৰে আবেলি প্ৰায় ৪.৩০ বজাত বয়লাৰটো বিস্ফোৰণ হৈছিল।

বিস্ফোৰণটো ইমানেই ডাঙৰ আছিল যে দুজন শ্ৰমিকৰ ঘটনাস্থলতে মৃত্যু হৈছিল আৰু চিকিৎসাৰ সময়ত এজন শ্ৰমিকৰ মৃত্যু হৈছিল। ঘটনাটোত ১০ জনতকৈও অধিক শ্ৰমিক গুৰুতৰভাৱে দগ্ধ হৈছিল ।

আহত শ্ৰমিকসকলৰ বহুকেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বিস্ফোৰণত নিহত সকলক ইতিমধ্যে চিনাক্ত কৰা হৈছে। 

ইফালে আহত কৰ্মচাৰী সকলক আৰক্ষীয়ে চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে।