মাজুলীৰ তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুৰ পিছত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। গোলাঘাট জিলাৰ খুমটাইৰ শেনছোৱাত কণমানি শিল্পী তেজস্বিতাৰ পৱিত্ৰ সোঁৱৰণত অনুষ্ঠিত হ'ল সাংস্কৃতিক সন্ধিয়া। শেনছোৱা আঞ্চলিক কালী পূজা আৰু দীপাৱলী উপলক্ষে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়া উচৰ্গা কৰে অকালতে সূৰ্যাস্তত ম্লান হোৱা তেজস্বিতাৰ স্মৃতিত।
শাৰদীয় পূজাৰ অন্যতম শক্তিপূজা শ্ৰী শ্ৰী দক্ষিণা কালী দেৱী পূজাৰ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে দুদিনীয়াকৈ বৰ্ণাঢ্যভাৱে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেজস্বিতালৈ। প্ৰথমে তেজস্বিতাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন,মাল্যাৰ্পণ কৰি সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰা হয়৷
বৃহত্তৰ অঞ্চলটোৰ নৱ প্ৰজন্ম সকলৰ প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ দিয়াৰ উদ্দেশ্যে এই সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে ৷ নৃত্য-গীতেৰে জীপাল হ’ল সাংস্কৃতিক সন্ধিয়াৰ বাকৰি ৷ আনহাতে এই অনুষ্ঠানতে কেইবাজনো ব্যক্তিক সম্বৰ্দ্ধনা জ্ঞাপন কৰিলে উদ্যোক্তাই৷