আজি শংকৰদেৱ শিশু নিকেতন বৰহাটৰ ছাত্ৰ ভাৰতীৰ উদ্যোগত শিক্ষক  দিৱস উদযাপন কৰা হয়। সেই উপলক্ষে পুৱা বন্তি প্ৰজ্বলন কৰে নিকেতনৰ ভাৰপ্ৰাপ্ত প্ৰধান আচাৰ্য্যা নিভা গগৈয়ে।

সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে লিটুল গগৈ আচাৰ্য ই।তাৰ পাছতে ছাত্ৰ ছাত্ৰী সকলে গুৰু সেৱা অনুষ্ঠান কৰে। শিক্ষক দিৱসৰ ওপৰত বক্তব্য ৰাখে নিভা গগৈ ,অমলা গগৈ আচাৰ্য্যাই। ছাত্ৰ ছাত্ৰী সকলে ইয়াৰ পাছতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰে।