গুৱাহাটী পৌৰ নিগমৰ বোকা নিষ্কাশনৰ কেলেংকাৰিত গ্ৰেপ্তাৰ হোৱা ৯ বিষয়াক জে'ললৈ প্ৰেৰণ কৰা হৈছে। 

 আটাই কেই জনকে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। 

গুৱাহাটী পৌৰ নিগমৰ বোকা নিষ্কাশন কেলেংকাৰীৰে নাম সাঙোৰ খাই গ্ৰেপ্তাৰ হৈছিল এই আটজন বিষয়া। 

বিষয়া কেইজন আছিল বাবুলাল শৰ্মা, আছিফ আহমেদ, এলিন বেগম, শংকৰ মেধি, হিৰণ্য বৰ্মন, দিনেশ জয়ছোৱাল, ৰমাকান্ত শইকীয় আৰু চিত্তৰঞ্জন দত্ত। 

আনহাতে পূৰ্বেই জেইললৈ প্ৰেৰণ কৰা CA অভিমন্যু মেধীকো আদালতত হাজিৰ কৰি পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।