কামৰূপ জিলাৰ হাজো সমষ্টিৰ কঞাঁ আৰক্ষী থানাৰ অন্তৰ্গত পূৰ্ণখুমডুম গাৱঁৰ ৰাজহুৱা পুখুৰীত আজি পূৱাই উপঙি থকা অৱস্থাত এআন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷জানিব পৰামতে গাওঁখনৰ ফণী ভূঞাঁৰ কনিষ্ঠ পুত্ৰ হেমন্ত ভূঞাঁ(৪২) সোমবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল৷

সন্ধানহীন হোৱাৰ পিচৰে পৰা যুৱকজনৰ বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান নেপায় হতাশ হৈ পৰিছিল পৰিয়ালটো৷অৱশেষত আজি পূৱা গাওঁখনৰ ৰাজহুৱা পুখুৰীত মৃতদেহটো উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়ে৷আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷