আহোম জনগোষ্ঠীৰ ওচৰত শংকৰদেৱ সংঘৰ বিষয়ববীয়াই ক্ষমা নুখুজিলে অহা ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিব টাইপাই। অহা চাৰি নৱেম্বৰপৰা সোণাৰিৰ সাপেখাতিত অনুষ্ঠিত হ'ব লগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ, আই মাতৃ সমাৰোহৰ প্ৰথম দিনা টাইপাই ক'লা পতাকা প্ৰদৰ্শন কৰা লগতে ৬ নৱেম্বৰত ঘোষণা কৰিব চৰাইদেউ জিলা বন্ধ।

ইয়াৰ পৰিপ্ৰেক্ষিতত শংকৰদেৱ সংঘক শীঘ্ৰেই আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজাৰ আহ্বান টাই আহোম যুৱ পৰিষদ অসমৰ। ইফালে শ্ৰীমন্ত শংকৰদেৱ সংঘই সাতামপুৰুষীয়া সম্প্ৰীতিত কুঠাৰঘাত সনাৰ লগতে চকলং বিবাহ পদ্ধতিক বিৰোধিতা কৰি আহোম জাতিক অপমান কৰিছে বুলি মন্তব্য টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ। আনহাতে সমগ্ৰ আহোম জাতিৰ ওচৰত শ্ৰীমন্ত শংকৰদেৱ সংঘই ক্ষমা নুখুজিলে প্ৰতিবাদৰ সন্মূখীন হ'বলৈ সাজু হওক বুলি মন্তব্য টাই আহোম যুৱ পৰিষদ অসমৰ।

উল্লেখ্য যে আহোম সকলৰ বিবাহ পদ্ধতি "চকলং" প্ৰথাৰে অনুষ্ঠিত কৰা বিবাহত উপস্থিত থকাৰ বাবেই মৰিয়নিৰ নকছাৰীৰ চাৰিটা পৰিয়ালক শংকৰদেৱ সংঘই এঘৰীয়া কৰি শুদ্ধি কৰণ কৰা পাছৰে পৰা এনেদৰে সৰৱ হৈ উঠিছে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা।