বাক্সা জিলাৰ মুছলপুৰস্থিত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সভাকক্ষত আজি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণ সম্পৰ্কে এখন সজাগতা সভা অনুস্থিত হয়। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ স্বাধীনতা দিৱসত সমগ্ৰ দেশবাসীক হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। এই আহ্বানৰ প্ৰতি সহাঁৰি জনাই আজি জিলাখনৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সভাকক্ষত অনুষ্ঠিত এই সজাগতা সভাত তামুলপুৰ জিলাৰ উদ্যোগ অধীক্ষক দূৰ্গা কিঙ্কৰ ভট্টাচাৰ্যই স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হোৱা হিতাধিকাৰী সকলক হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী পালন কৰিবলৈ আহ্বান জনায়। দুখীয়া লোককো দুই এখন ৰাষ্ট্ৰীয় পতাকা প্ৰদান কৰি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফলভাৱে পালন কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। আজিৰ এই সজাগতা সভাত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ কাৰ্যকৰী পৰিচালক মৃণাল দাসকে ধৰি কেন্দ্ৰটোৰ বিষয়া-কৰ্মচাৰীৰ লগতে পিএমইজিপি, পিএমএফএমই আদি বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হোৱা হিতাধিকাৰীসকল উপস্থিত থাকে। আজিৰ এই সজাগতা সভাতে উপস্থিত হিতাধিকাৰী সকলৰ মাজত একোখনকৈ ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰা হয়। সভাৰ অন্তত স্বাস্থ্য বিভাগে বাক্সা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সমূহ বিষয়া-কৰ্মচাৰীক ক'ভিড-১৯ৰ তৃতীয়টো টিকাকৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: 2024 में भी Delhi से बाहर होगी Army Day Parade, Lucknow में होगा परेड का आयोजन
Breaking News: 2024 में भी Delhi से बाहर होगी Army Day Parade, Lucknow में होगा परेड का आयोजन
Maharashtra Tourism's Travel and Trade Road Show Received An Overwhelming Response from Bengaluru
Directorate of Tourism (DoT), Govt of Maharashtra Maharashtra Tourism's Travel and Trade Road...
કોંગ્રેસ પ્રેસ કોન્ફરન્સ માં કરી મોટી બાત!#congress #gujarat #bjp #cmogujarat
કોંગ્રેસ પ્રેસ કોન્ફરન્સ માં કરી મોટી બાત!#congress #gujarat #bjp #cmogujarat
Stock Fall Big Alert | Block Deal है संभव, Stock को कैसे करें Approach? | Mankind Pharma Share Price
Stock Fall Big Alert | Block Deal है संभव, Stock को कैसे करें Approach? | Mankind Pharma Share Price