বাক্সা জিলাৰ মুছলপুৰস্থিত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সভাকক্ষত আজি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণ সম্পৰ্কে এখন সজাগতা সভা অনুস্থিত হয়। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ স্বাধীনতা দিৱসত সমগ্ৰ দেশবাসীক হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। এই আহ্বানৰ প্ৰতি সহাঁৰি জনাই আজি জিলাখনৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সভাকক্ষত অনুষ্ঠিত এই সজাগতা সভাত তামুলপুৰ জিলাৰ উদ্যোগ অধীক্ষক দূৰ্গা কিঙ্কৰ ভট্টাচাৰ্যই স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হোৱা হিতাধিকাৰী সকলক হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী পালন কৰিবলৈ আহ্বান জনায়। দুখীয়া লোককো দুই এখন ৰাষ্ট্ৰীয় পতাকা প্ৰদান কৰি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফলভাৱে পালন কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। আজিৰ এই সজাগতা সভাত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ কাৰ্যকৰী পৰিচালক মৃণাল দাসকে ধৰি কেন্দ্ৰটোৰ বিষয়া-কৰ্মচাৰীৰ লগতে পিএমইজিপি, পিএমএফএমই আদি বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হোৱা হিতাধিকাৰীসকল উপস্থিত থাকে। আজিৰ এই সজাগতা সভাতে উপস্থিত হিতাধিকাৰী সকলৰ মাজত একোখনকৈ ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰা হয়। সভাৰ অন্তত স্বাস্থ্য বিভাগে বাক্সা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সমূহ বিষয়া-কৰ্মচাৰীক ক'ভিড-১৯ৰ তৃতীয়টো টিকাকৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
किडजी ग्लोबल पब्लिक स्कूल में गणेश उत्सव के तहत 56 भोग की झांकी सजाई
बूंदी । किड्जी ग्लोबल पब्लिक विद्यालय में गणेश उत्सव के अंतर्गत "56 भोग" व आरती का कार्यक्रम...
હિંમતનગરમાં માનસિક દિવ્યાંગ બાળકો દ્વારા માટીના ગણપતિનું વિસર્જન કરાયુ
સાબરકાંઠા જિલ્લાના હિંમતનગરના મોતીપુરા વિસ્તારમાં સક્રિય સાબરકાંઠા ચેરીટેબલ ટ્રસ્ટ સંચાલિત માનસિક...
नागालैण्ड के मोन जिले में सोनारी का मालवाही डम्पर दुर्घटनाग्रस्त एक की मौत
*नागालैण्ड के मोन जिले में सोनारी का मालवाही डम्पर दुर्घटनाग्रस्त एक की मौत* सोनारी03...
कृष्णा सेवा संस्थान द्वारा आत्म संबल बालोतरा योजना का शुभारम्भ
प्रत्येक असहाय को सम्बल देना हमारा मुख्य उद्देश्य : दवे
प्रत्येक...
সোণাৰিৰ পুৰণি টাওকাকত ড্ৰাগছ সৰবৰাহত জড়িত যুৱক যুৱতী আটক
সোণাৰিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী আটক।সোণাৰিৰ টাওকাকতAS 33 C 0327 নম্বৰৰ অট'ৰিক্সাত অহা...