১ নৱেম্বৰৰ পৰা ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ হ’ব ভাৰত জোড়ো যাত্ৰা। দেশৰ দক্ষিণ প্ৰান্তৰ পাছত এইবাৰ উত্তৰ-পূবত আৰম্ভ হ'ব ভাৰত জোড়ো যাত্ৰা।

অসমত অহা ১ তাৰিখ মঙলবাৰৰ পৰা আৰম্ভ হ'ব ভাৰত জোড়ো এই যাত্ৰা। 

অসমত ৮৩৫ কিঃমিঃ দৈৰ্ঘ্যৰ পদযাত্ৰাৰ পৰিকল্পনা কৰা হৈছে বুলি সদৰি কৰে অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

গোলকগঞ্জৰ পৰা আৰম্ভ হ’ব এই যাত্ৰা। ৫ দিনৰ ভিতৰত ধুবুৰী জিলা সমাপ্ত কৰা হ’ব।

উত্তৰ-পূবৰ দুৱাৰ মুখ অসমত হ'ব লগা এই যাত্ৰাত ১৬৫ গৰাকী কংগ্ৰেছ নেতাই অংশ ল’ব৷ 

যাত্ৰাৰ সময়ত প্ৰতিটো অঞ্চলৰ লোকে অংশ ল’ব পদযাত্ৰাত৷ আনুমানিক ৭৫ দিনৰ অন্তত উপস্থিত হ’ব শদিয়াত।