মিঞা মিউজিয়ামক লৈ চলি থকা বিতৰ্কৰ মাজতে আটক হোৱা সদৌ অসম মিঞা পৰিষদৰ সভাপতি মহৰ আলী আৰু সাধাৰণ সম্পাদক আব্দুল বাতেন শ্বেইখক নলবাৰীলৈ আনি মাৰাথন জেৰা চলাই থকা হৈছে বুলি খবৰ আহিছে।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত সভাপতি মহৰ আলী আৰু সম্পাদক আব্দুল বাতেনক আটক কৰা হৈছে।

ঘগ্ৰাপাৰ থানাত ভাৰতীয় দণ্ডবিধি ১২০ বি, ১২১, ১২১ (এ), ১২২ আৰু ইউ এ পি এ ১০/১৩ ধাৰাৰ অধীনত ৰুজু হৈ থকা ১৬৩/২২ নম্বৰৰ গোচৰৰ ভিত্তিত আটক কৰা হৈছে দুয়োজনকে।

দেশদ্ৰোহিতাৰ অভিযোগত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত আটক হোৱা এই দুয়োজন লোক শেহতীয়াকৈ মিঞা মিউজিয়াম স্থাপন কৰাৰ পিছৰে পৰা অধিক চৰ্চাত আছিল।

উল্লেখ্য যে ২৩ অক্টোবৰত গোৱালপাৰা জিলাৰ লক্ষীপুৰত মুকলি কৰা হৈছিল মিঞা মিউজিয়াম আৰু ইয়াৰ পিছৰে পৰা ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

কিন্তু আজি দিনৰ ভাগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ক লৈ কৰা মন্তব্যৰ পিছতে গোৱালপাৰা জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি মিউজিয়ামটো ছীল কৰি দিয়ে আৰু মিঞা পৰিষদৰ মুৰব্বী কেইজনৰ বিৰুদ্ধে এইদৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰা দেখা যায়।

উল্লেখ্য যে মহৰ আীক গোৱালপাৰা আৰক্ষী আৰু আব্দুল বাতেনক নিজৰ বাসগৃহৰ পৰা ধুবুৰী আৰক্ষীয়ে আটক কৰে।