পশ্চিম দৰঙৰ ভেৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় সপ্তাহ উপলক্ষে আয়োজন কৰা বাৰ্ষিক বটাঁ বিতৰণী সভা খন ২৫ অক্টোবৰত অনুষ্ঠিত হৈ যায় ৷ 

ভেৰুৱা উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মানিক চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী আৰু মুকলি সভা উদ্বোধন কৰে প্ৰাক্তন ছাত্ৰ তথা জ্যেষ্ঠ সাংবাদিক দ্বীপেন ডেকাই ৷ 

উদ্বোধক সাংবাদিক গৰাকীয়ে কয় যে   পঢ়াৰ সময়ত মন মগজু সুস্থিৰভাৱে লৈ পঢ়াত মন দিয়াৰ লগতে মোবাইল গেমৰ পৰা আতৰি থাকে পঢ়াত ভাল ফল লাভ কৰিব ৷দিপীলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক যাধৱ চন্দ্ৰ  মহন্তই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা সভাত   বিশিষ্ট সমাজকৰ্মী বসুন্ধৰ ডেকা,প্ৰাক্তন ছাত্ৰী তথা ছিপাঝাৰ জনতা মহাবিদ্যালয়ৰ প্ৰবক্তা নমিতা দেৱী, বিদ্যালয় পৰিচিলনা সমিতিৰ প্ৰাক্তন সভাপতি খিতেশ্বৰ কলিতা, নামখলা প্ৰেছ ক্লাবৰ সম্পাদক দ্বীপেন ডেকা, সাংবাদিক কমল নাথ উপস্থিত থাকে ৷

 অসম আৰক্ষীত নিযুক্তি লাভ কৰা  ভেৰুৱা হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ দিব্যজ্যোতি ৰাজবংশীক সম্বৰ্ধনা জনোৱা সভাত  সাংবাদিক লোকেশ্বৰ নাথৰ দ্বাৰা পৰিবেশিত গীতে সকলোকে আপ্লুত কৰে ।