অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দেওমৰনৈ আঞ্চলিক সমিতিৰ অন্তৰ্গত লোজোৰা শাখা সমিতি গঠন
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,দেওমৰনৈ আঞ্চলিক সমিতিৰ অন্তৰ্গত লোজোৰা শাখা সমিতিখন আজি গঠন কৰা হয়। তদুপলক্ষে দেওমৰনৈ আঞ্চলিক সমিতিৰ সভাপতি কমলা ডেকাৰ সভাপতিত্বত লোজোৰা হৰি মন্দিৰ প্ৰাংগনত অনূষ্ঠিত হয় এখন সাধাৰণ সভা।
পৰিষদৰ দৰং জিলা সমিতিৰ উপদেষ্টা নৱজিৎ শৰ্মা, সাধাৰণ সম্পাদক পংকজ ডেকা, সাংগঠনিক সম্পাদক নাৰায়ণ ডেকা, দেওমৰনৈ আঞ্চলিক সমিতিৰ উপদেষ্টা জয়ন্ত হাজৰিকাই অংশগ্ৰহণ কৰা সভাত ব্ৰজেন ডেকাক সভাপতি, দিগন্ত কলিতা, উদ্ধৱ হাজৰিকাক উপ-সভাপতি, ৰাজীৱ হাজৰিকাক সাধাৰণ সম্পাদক হিচাপে লৈ লোজোৰা শাখা সমিতিখন গঠন কৰা হয়।