মঙলদৈত ন -বোৱাৰীৰ মৃত্যু।

এগৰাকী ন -বোৱাৰীৰ অস্বাভাৱিক মৃত্যুত উত্তাল মঙলদৈ চমুৱাপাৰা। মাত্ৰ দুমাহ দিনৰ আগতে সামাজিক নীতি নিয়ম মতে মা হালধি সানি বিবাহ পাশত আবদ্ধ হোৱা নীশা ডেকাৰ মৃতদেহ উদ্ধাৰ হয় স্বামীগৃহৰ শোৱনী কোঠাত।

সৰুঔতলা বৰমপুৰ গাঁওৰ বাবুল ডেকাৰ একমাত্ৰ ছোৱালী নীশা ডেকাক একে হেৰেঙা ঝাৰৰ মহেশ ডেকাৰ লগত সামাজিক নীতি নিয়ম মৰ্মে আজি দুমাহ দিন আগত বিবাহ পাশত আবদ্ধ হয়।

সোমবাৰে আবেলি ৬ মান বজাত নিশাৰ মৃত দেহ উদ্ধাৰ হয়। নীশাৰ মাক দেউতাকৰ পৰিয়ালে নিশাৰ মৃত্যু সহজ ভাৱে ল'ব পৰা নাই । গীৰিয়েকৰ ঘৰৰ পৰিয়ালে নীশাক মাৰি ওলোমাই থোৱাৰ সন্দেহ কৰে। ইতিমধ্যে মঙলদৈ থানাৰ আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালযলৈ আনে।

উচিত তদন্ত ই হে এই মৃত্যুৰ সঠিক দিশ পোহৰলৈ আনিবলৈ সক্ষম হব।