অহা ২০ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰলৈ অসমত "অৰুণোদয় মাহ" হিচাপে উদযাপন কৰা হ'ব।বোকাখাত মহকুমাত "অৰুণোদয় মাহ" সুকলমে আৰু সুচাৰুপে ৰূপায়িত কৰাৰ লক্ষ্যৰে মহকুমাৰ পৰীক্ষণ দলৰ সদস্য আৰু সদস্যা সকলৰ বাবে আজি বোকাখাত JDSG  মহাবিদ্যালয়ত এক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়।
প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মহকুমাধিপতি ডাঃ নেহা যাদৱে। উল্লেখযোগ্য যে  পৰিক্ষণ দল বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু এন চি চি কেডাৰ দ্বাৰা গঠন কৰা হৈছে আৰু এই দলৰ দ্বাৰা অহা ২০ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰলৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পৰিস্থিতি নিৰীক্ষণ কৰা হ'ব। আজিৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত পৰীক্ষণ চলোৱাৰ সময়ত মানি চলিবলগীয়া নিয়মাৱলী আৰু মোবাইল এপ্লিকেশ্যনৰ ব্যৱহাৰৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। প্ৰশিক্ষণ কাৰ্যসূচীত মাষ্টাৰ ট্ৰেইনাৰ হিচাপে উপস্থিত থাকে সহকাৰী আয়ুক্ত পাপু গগৈ।