দিপাৱলীৰ বজাৰ কৰিবলৈ বজাৰত গৈ ম’হৰ আক্ৰমণত মৃত্যু হ'ল এজন লোকৰ। 

ৰাতাবাৰী সমষ্টিৰ নিভিয়া বজাৰত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা।

ব্যক্তিজনে গাঁৱে গাঁৱে ঘূৰি কাপোৰ বিক্ৰী কৰি নিজৰ পৰিয়ালটোক পোহপাল দি আছিল।

দিপাৱলীৰ বজাৰ কৰিবলৈ দেওবাৰে বিয়লি নিভিয়া সাপ্তাহিক বজাৰলৈ গৈছিল তেওঁ। কিন্তু ভাগ্য নিষ্ঠুৰ। বজাৰত বহি থকা এজন শাক-পাচলি বিক্ৰেতাৰ পৰা শাক-পাচলি ক্ৰয় কৰি থাকোঁতে ম’হৰ আক্ৰমণত তেওঁ প্ৰাণ হেৰুৱালে।

মৃত লোকজনৰ নাম দীপন নমশুদ্ৰ বয়স ৩২ বছৰ।

নিভিয়া বজাৰ অঞ্চলৰ সোণাপুৰ গাঁৱৰ বাসিন্দা তেওঁ।