টাই আহোম সকলৰ হাজাৰ বছৰীয়া পৰম্পৰা চকলং প্ৰথাৰ বিয়া খাবলৈ গৈ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ লাহিং আঞ্চলিক সমিতিৰ ৰোষত পৰি অঞ্চলটোৰ চাৰিটাকৈ পৰিয়াল সমাজচ্যুত হোৱাৰ পাচত ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া বৰ্তমানেও অব্যাহত আছে৷

এক বিবৃত্তিত ‘টাইপা’ৰ কেন্দ্ৰীয় সমিতিয়ে শঙ্কৰদেৱ সংঘক তীব্ৰ সমালোচনা কৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নাম লৈ চলাই অহা ভণ্ডামী আৰু দালালী বন্ধ কৰিবলৈ আহ্বান জনায়৷ অন্যথা উজনি অসমত  শঙ্কৰদেৱ সংঘৰ সকলো কাৰ্যসূচীত বাধা প্ৰদান কৰা হ’ব বুলিও লগতে সকিয়াই দিছে  সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে৷ সাত ৰাজ সামৰি এক ৰাজ কৰি চাওলুং চ্যুকাফাই গঢ়ি থৈ যোৱা বৰ অসমত জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱে গঠন কৰা বৃহত্তৰ অসমীয়া জাতিৰ মাজত বিভাজনৰ ৰাজনীতি কেতিয়াও সহ্য কৰা নহ’ব বুলি উল্লেখ কৰি ‘টাইপা’নেতা বিজয় ৰাজকোঁৱৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিক সংঘৰ লাহিং আঞ্চলিক সমিতিখন শীঘ্ৰে ভংগ কৰাৰ ব্যৱস্থা
ল'বলৈ আহ্বান জনাইছে৷ একেটা বিবৃত্তিত ৰাজকোঁৱৰে লগত কয়, দীৰ্ঘদিনৰ পৰা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই অসমীয়া সমাজখনত তালীবানী শাসন ব্যৱস্থাৰ এক পৰিৱেশ সৃষ্টিৰ অপচেষ্টা চলাই অহা আমাৰ দৃষ্টিগোচৰ হৈছে৷ পশুপালনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ পথ বাচি লোৱা বহু পৰিয়ালৰ ওপৰত ইতিমধ্যে সংঘই মানসিক নিৰ্যাতন চলোৱাৰ তথ্য আমাৰ হাতত আছে৷  গতিকে এনেধৰণৰ পৰম্পৰাই অসমীয়া জাতিৰ মাজত ভাঙুন সৃষ্টি কৰিব বুলি কৈ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘক আহোম জনগোষ্ঠীৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ আহ্বান জনাইছে
‘টাইপা’ই৷

ইফালে ‘টাইপা’ৰ কেন্দ্ৰীয় উপসভাপতি উত্তম দিহিঙীয়াই শঙ্কৰদেৱ সংঘৰ সঙ্গী হ’ল বুলিয়েই নিজৰ ভাতৃ-ভগ্নী, বংশ-পৰিয়ালৰ কৌটিকলীয়া পৰম্পৰা ৰক্ষাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ তেখেতসকলৰ অধিকাৰ নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰে।

অসমীয়া সমাজখনত বিভাজনৰ বীজ সিঁচি জাতিটোক থানবান কৰাৰ চক্ৰান্তত লিপ্ত শংকৰদেৱ সংঘই  তেওঁলোকৰ অধীনত শৰণ লোৱা সঙ্গীসকলক অনাশঙ্কৰী পৰিয়ালৰ সৈতে বৈবাহিক সম্পৰ্ক সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ ব্যৱস্থা ল'ব পাৰিবনে বুলিও  কটাক্ষ কৰে দিহিঙিয়াই৷ আনহাতে আহোম জাতীয় গণ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অকন ভূঞাই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ দৰে সৰ্ববৃহৎ এটা সামাজিক অনুষ্ঠানৰ জাতি-সম্প্ৰদায়ৰ মাজত সংঘাত সৃষ্টিৰ  ঋণাত্মক পৰিৱেশ ৰচনা কৰা কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে এনে দালালী বন্ধ কৰিবলৈ সকিয়াই দিয়ে৷