মঙ্গলদৈ:২৪ অক্টোবৰ,২০২২::: অসম অসামৰিক সেৱাৰ ২০২০ বৰ্ষৰ পৰীক্ষাত ১১০ স্হান (এচিএছ) লাভ কৰি দৰং জিলালৈ গৌৰৱ কঢ়িয়াই অনা হিতেশ বড়োক সম্বৰ্ধনা জ্ঞাপন কৰে অকলিবাৰী গাঁওবাসীয়ে। জিলা খনৰ আউলাচৌকাৰ বঙলাগড় এলেকাৰ সাংস্কৃতিক কৰ্মী তথা গাহৰি ব্যৱসায়ী নগেন বড়োৰ পুত্ৰৰ এই সফলতাই সমগ্ৰ জিলাখনৰ লগতে নগেন বড়োৰ পিতৃ ভূমি ঔতলা গাঁও পঞ্চায়তৰ এলেকাধীন অকলিবাৰী গাঁওখনতো এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি কৰে। বৃহত্তৰ অঞ্চলটিৰ পৰা প্ৰথম বাৰৰ বাবে ৰাজ্যৰ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা মেধাৱী হিতেশে দিপাৱলীৰ উপহাৰ প্ৰদান কৰা বুলি গাঁওবাসীয়ে ভুয়শী প্ৰশংসা কৰাৰ লগতে ভবিষ্যত কৰ্মজীৱনৰ সফলতাৰ বাবে উত্তৰোত্তৰ কামনা কৰে। আজি গাঁওবাসীৰ হৈ অৱসৰী শিক্ষক ভাৰত চন্দ্ৰ নাথ, নাৰায়ণ ডেকা, মহেশ্বৰ ডেকা,তীৰ্থ ৰাম বড়ো,উমাৰাম ডেকা,বিনন বড়ো, অপূৰ্ব ডেকা আৰু কিশোৰ কুমাৰ শৰ্মাই আউলাচৌকাৰ বঙলাগড়স্হিত নগেন বড়োৰ বাসগৃহত উপস্হিত হৈ হিতেশক ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰি আশীষ প্ৰদান কৰে আৰু পিতৃ মাতৃ সহিতে পৰিয়ালৰ আটাইকে ধন্যবাদ জ্ঞাপন কৰে। এই প্ৰতিবেদকৰ সৈতে হোৱা বাৰ্তালাপত হিতেশে বিগত সময়চোৱাত পিতৃৰ অৰ্থনৈতিক দিশ টনকিয়াল নোহোৱা বাবে বৰদেউতাকৰ ল'ৰা ককায়েক দ্বয় তীৰ্থ ৰাম বড়ো আৰু পিংকু বড়োৰ সৰ্বতোপ্ৰকাৰৰ সহযোগিতা কৃতজ্ঞতাৰে সোঁৱৰণ কৰে।ইয়াৰ উপৰিও অসমীয়া মাধ্যমত শিক্ষাগ্ৰহণ কৰিও প্ৰতিযোগিতা মূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰি আৰু মাধ্যম কেতিয়াও যে অন্তৰায় নহয় সেয়া দৃঢ়তাৰে উল্লেখ কৰে। তেওঁ এক বক্তব্যত কয় যে " চৰকাৰী নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছতাৰে হোৱা বাবে সকলো স্তৰৰ উপযুক্ত প্ৰাৰ্থীয়ে স্হান লাভ কৰিছে সেয়ে চৰকাৰৰ পদক্ষেপক আদৰণি জনাইছোঁ |"
উল্লেখযোগ্য যে ৰাজ্যৰ অসামৰিক সেৱাৰ পৰীক্ষাত হিতেশ বড়োৰ উপৰিও আন ছয়জন কৃতিমানে বিভিন্ন ক্ষেত্ৰত উত্তীৰ্ণ হৈ জিলাখনলৈ সুনাম কঢ়িয়াই আনে।
#Local News