শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ হুংকাৰ টাই আহোম যুৱ পৰিষদ অসমৰ। মৰিয়নিত আহোম সকলৰ পৰম্পৰাগত চকলং বিবাহ অনুষ্ঠানত উপস্থিত থকা বাবেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লাহিঙ আঞ্চলিক সমিতিয়ে চাৰিটা পৰিয়ালক এঘৰীয়া কৰাৰ পাছত শুদ্ধি কৰণ কৰা কাৰ্যক গৰিহণা দিছে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই।

শংকৰদেৱ সংঘক অতি শীঘ্ৰে ক্ষমা খোজাৰ দাবী টাইপাৰ। অন্যথা আগন্তুক দিনত উজনি অসমত অনুষ্ঠিত হ'বলগীয়া সংঘৰ কাৰ্যসূচীত বিৰোধিতা কৰাৰ হুংকাৰ টাইপাৰ।

শংকৰদেৱৰ নাম লৈ সমাজত ভেদাভেদ সৃষ্টি কৰিব বিচৰা কাৰ্যৰো বিৰোধিতা টাই আহোম সংগঠনটোৰ।