গুৱাহাটীত ৰাজ্যিক ভাৰত্তোলন প্ৰতিযোগিতা সম্পন্ন

অসম ৰাজ্যিক ভাৰত্তোলন প্ৰতিযোগিতাৰ বঁটা বিতৰণ অনুষ্ঠানত উপস্থিত সোনাৰি সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া ::

 গুৱাহাটী ভোগেশ্বৰী ফুকননী ইন্দোৰ ষ্টেডিয়ামত সদৌ অসম ভাৰত্তোলন সন্থাৰ উদ্যোগত পঞ্চাছ তম অসম ৰাজ্যিক ভাৰোত্তলন প্ৰতিযোগিতা আজি সফল সামৰনি হয়। ভাৰোত্তোলন অসমৰ আটাইকেইখন জিলাৰ ভাৰোত্তলক খেলুৱৈ সকলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ পদক বিজয়ী সকলক ট্ৰফি প্ৰদান কৰে সোনাৰি সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই। বৰ্তমান অসম ৰাজ্যিক ভাৰোত্তোলন সন্থাৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই ট্ৰফি সমূহ প্ৰদান কৰা লগতে খেলুৱৈ সকলক উদ্দেশ্যি বক্তব্য ৰাখে। তেখেতে খেলৰ জড়িতে জগত কেৱল পদক জিকাই নহয় জগত জিনিব পাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। অসমৰ খেলুৱৈ সকলৰ যথেষ্ট ক্ৰীড়া প্ৰতিভা আছে বুলিও মত ব্যক্ত কৰে। ক্ৰীড়া জগতত অসমৰ খেলুৱৈ য়ে যথেষ্ট সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এইটো সমগ্ৰ অসমৰ বাবে ভাল খবৰ বুলি তেখেতে দোহাৰে। অতিশয় গৌৰবৰ কথা যে ধেমাজি জিলাৰ ছোৱালী শাখাই শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱতো তাতোকৈ গৌৰবৰ কথা যে আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষক অনুপ কোঁৱৰ তত্বাৱধানত চৰাইদেউ জিলা পুৰুষ শাখাত শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰিবলৈ সক্ষম হোৱাতো বুলি মন্তব্য আগবঢ়ায়। সকলো খেলুৱৈকে তেখেতে অভিনন্দন জ্ঞাপন কৰা লগতে অসম ভাৰত্তোলন সন্থাই অশেষ কষ্ট কৰি অতি সুন্দৰকৈ প্ৰতিযোগিতা খন অনুষ্ঠিত কৰা বাবে ধন্যবাদ জ্ঞাপন কৰে। উক্ত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসম ভাৰোত্তোলন সন্থাৰ সভাপতি বসন্ত দাস সম্পাদক ভৱজ্যোতি গোস্বামী প্ৰমুখ্যে বিষয় ববীয়া সকলৰ উপৰিও বিচাৰক আৰু শতাধিক ক্ৰীড়ানুৰাগী ৰাইজ উপস্থিত আছিল।