গহপুৰত ড্ৰাগছৰ বেহা.... 

🟥বাপ্পী মণ্ডলৰ ৰহস্যজনক মৃত্যুৰ কাৰণ ক্ৰমশঃ পোহৰলৈ আহিছে... 

🟥অভিযুক্ত বিশ্ব দত্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ... 

🟥দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই অহা বিশ্ব দত্তৰ "বিশ্ব ফেশ্বন"ত ১৩ অক্টোবৰৰ নিশা বাপ্পী মণ্ডলে ড্ৰাগছ লোৱাৰ কথা স্বীকাৰ কৰিলে বিশ্ব দত্তই। 

🟥২১ অক্টোবৰত গহপুৰ আৰক্ষী থানাত প্ৰতিষ্ঠিত ব্যৱসায়ী তথা বাপ্পীয়ে কাম কৰা দোকানৰ স্বত্বাধিকাৰ পৱন ভূঞাই দাখিল কৰিছিল এখন এজাহাৰ । 

🟥উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ অধীনত এটা জামিনবিহীন গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল গহপুৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া সুশীল কুমাৰ দত্তই॥ 

🟥২২ অক্টোবৰত বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙে নিজে গহপুৰলৈ আহি ঘটনাৰ চৰজমিন তদন্ত কৰিছিল। আৰক্ষীৰ জেৰাত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ লগত জড়িত বিশ্বই সদৰি কৰিছে বহু তথ্য..... 

🟥গহপুৰ টাউনৰ মাজ মজিয়াত আৰক্ষীৰ চকুত ধূলি দি কিদৰে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা অব্যাহত ৰাখিছিল সেই লৈ সচেতন ৰাইজৰ মনত নানা প্ৰশ্নৰ উদয় হৈছে..... 

🟥যুৱ প্ৰজন্মৰ জীৱন ধ্বংস কৰা ড্ৰাগছ বেহাৰ লগত জড়িত সকলোকে চিনাক্ত কৰি কঠোৰ শাস্তিৰ দাবী তুলিছে সচেতন ৰাইজে... 

🟥বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙক ড্রাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান....

তলৰ ফটোখন বিশ্ব দত্তৰ।