নগাঁও. ৩ আগষ্ট: জাপানীজ এনকেফেলাইটিছ প্ৰাদুৰ্ভাৱে আতংকিত কৰি তুলিছে নগাঁও জিলাবাসীক ৷ বিশেষকৈ নগাঁৱৰ বানাক্ৰান্ত অঞ্চলত উদ্বেগজনক ভাবে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ নগাঁও জিলাত জুন মাহৰ পৰা বৰ্তমানলৈকে জাপানীজ এনকেফেলাইটিছ ৰোগত এটি শিশুসহ ৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে সংক্ৰামক ৰোগৰ নগাঁও জিলাৰ মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডা° দীগেন ৰয়ে ৷ জিলাখনত আঠটি শিশু সহ মুঠ ৪৭ জন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে বৰ্তমান চিকিৎসাধীন হৈ আছে ১৯ জন ৰোগী । চিকিৎসাধীন ৰোগীৰ ভিতৰত আছে ৪ টিকৈ শিশু ৷ নগাঁও জিলাৰ বুঢ়া গোঁসাই, বাৰপুজীয়া, কঠিয়াতলি আদি অঞ্চলত জাপানীজ এনকেফেলাইটিছ ৰোগ অধিক ৰূপত প্ৰাদুৰ্ভাৱ ঘটা পৰিলক্ষিত হৈছে । নগাঁও জিলা স্বাস্থ্য বিভাগৰ পৰা জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হাতত লোৱাৰ উপৰি ঔষধযুক্ত আঠুৱা আৰু জাপানীজ এনকেফেলাইটিছ ৰোগৰ বাহক কিউলেক্স ম'হৰ পৰা ৰক্ষা কৰিবলৈ প্ৰায়সমূহ অঞ্চলতে ফগিঙৰ ব্যৱস্থা কৰাৰ কৰিছে স্বাস্থ্য বিভাগে ৷ তদুপৰি নগাঁও অসামৰিক চিকিৎসালয়ত জাপানীজ এনকেফেলাইটিছ ৰোগীৰ চিকিৎসাৰ বাবে ICUত ৬ খন বিছনাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷ এনে অৱস্থাত অতিপাত জ্বৰ আৰু মূৰ বা গাৰ বিষ আদিৰ দৰে জাপানীজ এনকেফেলাইটিছ ৰোগৰ লক্ষণ দেখা পালেই চিকিৎসালয়লৈ আহিবলৈ ৰাইজক আহ্বান জনাইছে নগাঁও জিলা স্বাস্থ্য বিভাগে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Coconut Water से बनाएं गर्मियों के लिए ये 3 टेस्टी एंड रिफ्रेशिंग ड्रिंक्स
गर्मियों में नारियल पानी पीने से शरीर को कई तरह के फायदे मिलते हैं। इसमें कई तरह के न्यूट्रिशन...
বিলাসীপাৰা শালকোচা পঞ্চায়ত ভৱনত ভাৰতীয় জনতা যুৱ মৰ্চা ধুবুৰী পূৱ জিলাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।
আজি বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত শালকোচা গাওঁ-পঞ্চায়ত কাৰ্যালয়ত ভৱনত ভাৰতীয় জনতা যুৱ মৰ্চা...
নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০ সংখ্যাক জন্মজয়ন্তীৰ প্ৰস্তুতি তুংগত
নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৪০০ বছৰীয়া বীৰ লাচিত বৰফুকনৰ জন্ম দিনৰ উদযাপনৰ প্ৰস্তুতিৰ বুজ লয়...
अब हाइड्रोजन फ्यूल सेल से बस चलाएगी इंडियन आर्मी, जानें क्या है खासियत
भारत में प्रदूषण को कम करने और स्वच्छ ईंधन से वाहनों को चलाने के लिए निर्माताओं की ओर...
પાટણ: રાધનપુર જમીન લે વેચ કરતા વેપારીઓ સાથે લાખો રૂપિયાની છેતરપિંડી | SatyaNirbhay News Channel
પાટણ જમીન લે વેચ કરતા વેપારીઓ સાથે લાખો રૂપિયાની છેતરપિંડી | SatyaNirbhay News Channel