নগাঁও. ৩ আগষ্ট: জাপানীজ এনকেফেলাইটিছ প্ৰাদুৰ্ভাৱে আতংকিত কৰি তুলিছে নগাঁও জিলাবাসীক ৷ বিশেষকৈ নগাঁৱৰ বানাক্ৰান্ত অঞ্চলত উদ্বেগজনক ভাবে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ নগাঁও জিলাত জুন মাহৰ পৰা বৰ্তমানলৈকে জাপানীজ এনকেফেলাইটিছ ৰোগত এটি শিশুসহ ৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে সংক্ৰামক ৰোগৰ নগাঁও জিলাৰ মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডা° দীগেন ৰয়ে ৷ জিলাখনত আঠটি শিশু সহ মুঠ ৪৭ জন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে বৰ্তমান চিকিৎসাধীন হৈ আছে ১৯ জন ৰোগী । চিকিৎসাধীন ৰোগীৰ ভিতৰত আছে ৪ টিকৈ শিশু ৷ নগাঁও জিলাৰ বুঢ়া গোঁসাই, বাৰপুজীয়া, কঠিয়াতলি আদি অঞ্চলত জাপানীজ এনকেফেলাইটিছ ৰোগ অধিক ৰূপত প্ৰাদুৰ্ভাৱ ঘটা পৰিলক্ষিত হৈছে । নগাঁও জিলা স্বাস্থ্য বিভাগৰ পৰা জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হাতত লোৱাৰ উপৰি ঔষধযুক্ত আঠুৱা আৰু জাপানীজ এনকেফেলাইটিছ ৰোগৰ বাহক কিউলেক্স ম'হৰ পৰা ৰক্ষা কৰিবলৈ প্ৰায়সমূহ অঞ্চলতে ফগিঙৰ ব্যৱস্থা কৰাৰ কৰিছে স্বাস্থ্য বিভাগে ৷ তদুপৰি নগাঁও অসামৰিক চিকিৎসালয়ত জাপানীজ এনকেফেলাইটিছ ৰোগীৰ চিকিৎসাৰ বাবে ICUত ৬ খন বিছনাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷ এনে অৱস্থাত অতিপাত জ্বৰ আৰু মূৰ বা গাৰ বিষ আদিৰ দৰে জাপানীজ এনকেফেলাইটিছ ৰোগৰ লক্ষণ দেখা পালেই চিকিৎসালয়লৈ আহিবলৈ ৰাইজক আহ্বান জনাইছে নগাঁও জিলা স্বাস্থ্য বিভাগে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Volvo ने अपनी पहली इलेक्ट्रिक मिनीवैन EM90 को किया पेश, सिंगल चार्ज पर देगी 738 KM की रेंज
स्वीडिश कार निर्माता Volvo Cars ने आधिकारिक तौर पर अपने पहले मिनीवैन EM90 के पेश किया है। Volvo...
એલએન્ડટી ફાઇનાન્શિયલ સર્વિસિસની પ્લાનેટ એપ બે મિલિયન ડાઉનલોડ્સને વટાવી ગઈ
તા. 20 ફેબ્રુઆરી, 2023, મુંબઈ: રિટેલ-કેન્દ્રિત નોન-બેંકિંગ ફાઈનાન્સિયલ કંપની એલએન્ડટી...
खानपुरा तालाब में मत्स्य ठेका बंद करने की मांग को लेकर ग्रामीणों ने दिया जिला कलेक्टर के नाम ज्ञापन
मत्स्य ठेका बंद करने की मांग को लेकर खानपुरा के ग्रामीणों ने दिया ज्ञापन
नैनवां उपखंड के...
Nadiad: Amit Shah Live | કેન્દ્રીય ગૃહ અને સહકાર મંત્રી અમિતભાઈ શાહની નડિયાદ ખાતે જાહેરસભા | Dpnews
Nadiad: Amit Shah Live | કેન્દ્રીય ગૃહ અને સહકાર મંત્રી અમિતભાઈ શાહની નડિયાદ ખાતે જાહેરસભા | Dpnews
Animal: Bobby Deol ने शेयर की Ranbir Kapoor-Sandeep Reddy Vanga संग तस्वीर,Sunny Deol ने किया रिएक्ट
Animal: Bobby Deol ने शेयर की Ranbir Kapoor-Sandeep Reddy Vanga संग तस्वीर,Sunny Deol ने किया रिएक्ट