ভজো আৰু মাহমৰা শাখা সাহিত্য সভাৰ স্বৰচিত কবিতা আৰু চুটিগল্প প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন 

অসম সাহিত্য সভাৰ অন্তৰ্গত অন্যতম সক্ৰিয় শাখা ভজো আৰু মাহমৰা শাখা সাহিত্যই ক'ভিডৰ সময়ছোৱাত চৰাইদেউ জিলাৰ নৱপ্ৰজন্ম তথা ছাত্ৰ- ছাত্ৰীসকলৰ মাজত সাহিত্য চৰ্চা অব্যাহত ৰখাৰ বাবে এলানি সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। ভজো শাখা সাহিত্য সভাই ছাত্ৰ- ছাত্ৰীসকলৰ মাজত তিনিটা শাখাত স্বৰচিত কবিতা আৰু সকলোৰে বাবে মুকলি চুটিগল্প প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। প্ৰতিযোগিতাৰ ফলাফল অনুসৰি "ক"শাখাত (সমাজকৰ্মী শিৱপ্ৰসাদ বৰুৱা সোঁৱৰণী বঁটা, বিষয়:প্ৰকৃতি) প্ৰথম - - অৰিন্দম উজ্জ্বল বৰগোহাঁই  ( ভজো উচ্চ মাধ্যমিক বিদ্যালয়), দ্বিতীয় - - নয়নজ্যোতি বৰুৱা (সোণাৰি টাউন হাইস্কুল ), তৃতীয় - - সূৰ্যশিখা চেতিয়া (সোণাৰি জাতীয় বিদ্যালয়), উদ্গনিমূলক - - বন্যাশ্ৰী গগৈ (ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়), "খ" শাখাত (শিক্ষক, নাট্যকৰ্মী ৰাজীৱ মহন বৰুৱা সোঁৱৰণী বঁটা, বিষয় ::--স্বদেশ প্ৰেম) প্ৰথম - - মৌচম গগৈ (সোণাৰি চিনিয়ৰ ছেকেণ্ডাৰী স্কুল), দ্বিতীয় - - অনুৰাগ বৰা (সোণাৰি চিনিয়ৰ ছেকেণ্ডাৰী স্কুল), তৃতীয় - - মুন বৰুৱা (মাহমৰা চিনিয়ৰ ছেকেণ্ডাৰী স্কুল), চয়নিকা গগৈ (সোণাৰি চিনিয়ৰ ছেকেণ্ডাৰী স্কুল), উদ্গনিমূলক - - অৰ্কিড চাংমাই (সোণাৰি চিনিয়ৰ ছেকেণ্ডাৰী স্কুল), ওজস্বিতা গগৈ (শংকৰদেৱ শিশু বিদ্যা নিকেতন, সোণাৰি)  " গ".শাখাত - (সংগঠক সঞ্জিৱনী হিমন্ত বুঢ়াগোহাঁই সোঁৱৰণী বঁটা, বিষয়--জাতীয়তাবাদ), প্ৰথম - - পংখী কোঁৱৰ (দিল্লী বিশ্ববিদ্যালয়), দ্বিতীয় - - চন্দ্ৰমল্লিকা চাবুকধৰা, (সোণাৰি মহাবিদ্যালয়), তৃতীয় - - ৰাজশ্ৰী বৰগোহাঁই (সোণাৰি মহাবিদ্যালয়), ""ঘ"  শাখাত  সকলোৰে বাবে মুকলি চুটিগল্প প্ৰতিযোগিতা (সমাজকৰ্মী লক্ষীনাথ চেতিয়া সোঁৱৰণী বঁটা)ত প্ৰথম - - - কবিতা গগৈ চাবুকধৰা (শিক্ষয়িত্ৰী, ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়), দ্বিতীয় - - (যুটীয়া ভাৱে) মধুচন্দা শইকীয়া বৈশ্য (মৰাণ), মৌচম গগৈ (সোণাৰি চিনিয়ৰ ছেকেণ্ডাৰী স্কুল), তৃতীয় - - (যুটীয়া ভাৱে) মানসী গগৈ (মৰাণ), জিকমিক সমাদৃতা গগৈ (সোণাৰি চিনিয়ৰ ছেকেণ্ডাৰী স্কুল), বিচাৰকৰ বিশেষ বঁটা - - অভিনন্দা বৰা (সোণাৰি), আৰতি বৰা (শিক্ষয়িত্ৰী, গোপী ৰাজখোৱা মধ্য ইংৰাজী বিদ্যালয়)।

মাহমৰা শাখা সাহিত্য সভাৰ উদ্যোগত চৰাইদেউ জিলা ভিত্তিত বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীৰ লগতে কবিতা প্ৰতিযোগিতা তিনিটা শাখাত অনুষ্ঠিত কৰা হৈছিল। প্ৰতিযোগিতাৰ ফলাফল অনুসৰি "ক" শাখাত প্ৰথম - - অৰিন্দম উজ্জ্বল বৰগোহাঁই (ভজো উচ্চ মাধ্যমিক বিদ্যালয়), দ্বিতীয় - - সূৰ্যশিখা চেতিয়া (সোণাৰি জাতীয় বিদ্যালয়), তৃতীয় - - বন্যাশ্ৰী গগৈ (ভগৱতীপ্ৰসাদ  বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়)," খ" শাখাত প্ৰথম - - চন্দ্ৰমল্লিকা চাবুকধৰা (সোণাৰি মহাবিদ্যালয়), দ্বিতীয় - - ৰাজশ্ৰী বৰগোহাঁই (সোণাৰি মহাবিদ্যালয়), তৃতীয় - - (যুটীয়া ভাৱে) জিকমিক সমাদৃতা গগৈ (সোণাৰি চিনিয়ৰ ছেকেণ্ডাৰী স্কুল), ওজস্বিতা গগৈ (শংকৰদেৱ শিশু বিদ্যা নিকেতন, সোণাৰি) উদ্গনিমূলক - - মৌচম গগৈ (সোণাৰি চিনিয়ৰ ছেকেণ্ডাৰী স্কুল), " গ" শাখা - - (সকলোৰে বাবে মুকলি) প্ৰথম - - মানিক পাল (সোণাৰি ), দ্বিতীয় - - কবিতা গগৈ চাবুকধৰা (ভগৱতীপ্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় ), তৃতীয় - - মধুচন্দা শইকীয়া বৈশ্য (সোণাৰি), বিচাৰকৰ বিশেষ বঁটা - - অমিয়া গগৈ সোনোৱাল (শিক্ষয়িত্ৰী, বৰহাট টাউন প্ৰাথমিক বিদ্যালয়) বিবেচিত হৈছিল

       দুয়োখন শাখা সাহিত্য সভাৰ প্ৰতিযোগিতাত বঁটা বিজয়ীসকলক আজি ইংৰাজী ২৩ অক্টোবৰ, ২০২২ তাৰিখ দেওবাৰে ভজো টিয়ক পদুমণি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত "" "গীত আৰু কবিতাৰ এবেলা আৰু বঁটা বিতৰণী" "অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হয়।কাৰ্যসূচী অনুসৰি পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ভজো শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীণাপাণি বুঢ়াগোহাঁইয়ে। সংগঠক সঞ্জিৱনী হিমকান্ত বুঢ়াগোহাঁই, সমাজকৰ্মী শিৱপ্ৰসাদ বৰুৱা, সমাজকৰ্মী লক্ষীনাথ চেতিয়া আৰু শিক্ষক, নাট্যকৰ্মী ৰাজীৱ মহন বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি শ্ৰী যুত প্ৰিয়বৰ কোঁৱৰে। চিৰ চেনেহী মোৰ ভাষা জননী গীতটিৰে আৰম্ভ হোৱা "" "গীত আৰু কবিতা এবেলা আৰু বঁটা বিতৰণী" "" অনুষ্ঠানটিত সভাপতিত্ব কৰে মাহমৰা শাখা সাহিত্য সভাৰ সভাপতি অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভূপেন দেওঘৰীয়াই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি প্ৰিয়বৰ কোঁৱৰ, বিশিষ্টা লেখিকা বেলা বৰা, বিশিষ্ট লেখক, কবি উপেন বৰা, চৰাইদেউ জিলা সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক স্বপন কৰ, শান্তিপুৰ শাখা সাহিত্য সভাৰ সভাপতি ভূপেন ফুকন, ভজো শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীণাপাণি বুঢ়াগোহাঁই, ভজো শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীৰেণ চেতিয়া, ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক নৰেন বিকাশ চাংমাই, কণ্ঠশিল্পী স্বৰ্ণ দিহিঙ্গীয়া গগৈ, ৰূপা শৰ্মা, শান্তিপুৰ শাখাৰ সহকাৰী সম্পাদক সুশান্ত বৰগোহাঁই, বৰহাট টাউন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অমিয়া গগৈ সোনোৱাল, নিৰ্দ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে চৰাইদেউ জিলা সাহিত্য সভাৰ সম্পাদক, সোণাৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ ৰঘুনাথ কাগয়ুং, সোঁৱৰণী বঁটাসমূহৰ দাতা পৰিয়ালৰ সদস্য  বীণাপাণি বুঢ়াগোহাঁই, অঞ্জলি চুতীয়া মহন বৰুৱা, ফণীন্দ্ৰ চেতিয়া, কল্পনা বৰুৱাৰ লগতে সোণাৰি শংকৰদেৱ শিশু নিকেতনৰ শিক্ষক পংকজ গগৈ, কবি মধুচন্দা শইকীয়া, আৰতি বৰা, তুলিকা বৰুৱা, পংখী কোঁৱৰ, শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ ৰাজশ্ৰী বৰগোহাঁই,সোণাৰি মহাবিদ্যালয়ৰ ছাত্ৰী নীলনয়না বৰগোহাঁই, গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰী ৰাখী বাউৰী আদি। মাহমৰা শাখা সাহিত্য সভাৰ সম্পাদক ফণীন্দ্ৰ চেতিয়াই আঁতধৰা অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে ভজো শাখা সাহিত্য সভাৰ সম্পাদিকা কল্পনা বৰুৱাই। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা জিলা সম্পাদক ডঃ ৰঘুনাথ কাগয়ুঙে অসমীয়া ভাষাই সন্মুখীন হোৱা সংকটৰ বিষয়ে এক সাৱলীল বক্তব্য প্ৰদান কৰি উঠি অহা প্ৰজন্মৰ অসমীয়া জাতি, অসমীয়া ভাষা ৰক্ষাৰ বহুত দায়িত্ব আছে বুলি কয়। সভাত বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে জিলা সভাপতি প্ৰিয়বৰ কোঁৱৰ, বেলা বৰা, বীণাপাণি বুঢ়াগোহাঁই, স্বপন কৰ, উপেন বৰা, ভূপেন ফুকন, বীৰেণ চেতিয়াই ।কণ্ঠশিল্পী স্বৰ্ণ দিহিঙ্গীয়া গগৈ, ৰূপা শৰ্মা, মধুচন্দা শইকীয়া বৈশ্য আৰু শিশু শিল্পী ভাগ্যনিকা বৰুৱা, সূৰ্যশিখা চেতিয়া, ভিতালী বৰাই গীত, উপেন বৰা, পংখী কোঁৱৰ, আৰতি বৰা, তুলিকা বৰুৱা, বন্যাশ্ৰী গগৈয়ে কবিতা আবৃত্তি, মুন বৰুৱা আৰু স্বৰ্ণ দিহিঙ্গীয়াই ভাওনা বচন আৰু নাটকৰ সংলাপেৰে অনুষ্ঠানটি ৰসাল আৰু জীপাল কৰে তোলে। সভাপতিৰ মন্তব্যৰ পিছতে শলাগৰ শৰাই প্ৰদান কৰে ভজো শাখাৰ সম্পাদিকা কল্পনা বৰুৱাই ।ইয়াৰ পিছতে শিল্পীসকলে জাতীয় সংগীত পৰিবেশন কৰাৰ পিছতে অনুষ্ঠান সামৰণি হয় বুলি মাহমৰা শাখাৰ সম্পাদক ফণীন্দ্ৰ চেতিয়া আৰু ভজো শাখাৰ সম্পাদিকা কল্পনা বৰুৱাই জনাইছে।