অসাৰ প্ৰতিপন্ন হল চৰকাৰী ঘোষণা । সুধাকণ্ঠৰ ৯৬ সংখ্যক জন্ম দিনটোতো এইবাৰ নিজম পৰি ৰ'ব ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ । কাইলৈ সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ ওপজা দিন । ওপজা দিনটোতো পুনৰ নিজম পৰি ৰব কলিয়াবৰৰ আপোন মৰমী কুঠৰীৰ বাসগৃহতি । ডঃ হাজৰিকাৰ বহু কালজয়ী গীতৰ সাক্ষী কুঠৰীৰ এই বাসগৃহতি চোৱাচিতা কৰিছিল ফটিক নেওগ নামৰ এগৰাকী ব্যক্তিয়ে । ৮ বিঘা ৩ কঠা মাটিৰ ভিতৰত ভূপেন হাজৰিকাৰ গৃহটি থকা অংশখিনিত অৱশ্যে ফটিক নেওগে দখলো লোৱা নাছিল । কুঠৰী তথা কলিয়াবৰীয়া ৰাইজে উলহ মালহৰে উদযাপন কৰিছিল সুধাকণ্ঠৰ জন্মদিন আৰু মৃত্যু দিৱসটি । স্থানীয় বিধায়ক কেশৱ মহন্তই বাসগৃহতিৰ সন্মুখত স্থাপন কৰিছিল সুধাকণ্ঠৰ এটি আৱক্ষ মূৰ্তি । পিছে এক আইনী মেৰপাছৰ বাবে বিগত বৰ্ষৰ পৰা ভূপেন হাজৰিকাৰ এই গৃহটিত জন্ম অথবা মৃত্যু দিৱস উদযাপন কৰাৰ পৰা বাৰণ কৰা হল ৰাইজক । এইবাৰো সুধাকণ্ঠৰ গুণমুগ্ধই এই স্থানত উদযাপন কৰিব নোৱাৰিব জন্ম দিনটো । ১৯৭৪ চনৰে পৰা এই বাসগৃহটি চোৱাচিতা কৰি থকা সুৰেন নেওগে বিগত বৰ্ষৰ দৰে এইবাৰো সুধাকন্ঠৰ জন্মদিনটোত আৱক্ষ মূৰ্তিৰ সন্মুখতে এগছি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাব বুলি জানিবলৈ দিছে ।
Byte: সুৰেণ নেওগ। উল্লেখযোগ্য যে শাসনৰ বাঘজৰী হাতত লৈয়ে বিজেপি দলৰ সৰ্বানন্দ সোণোৱালৰ মাজুলী কেবিনেটে কুঠৰীৰ ভূপেন হাজৰিকাৰ বাসগৃহ সংৰক্ষণ আৰু এক সাংস্কৃতিক প্ৰকল্প স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বৰাই দল বলে আহি ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহত উপস্থিত হৈ শীঘ্ৰে মাজুলী কেবিনেটৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছিল । পিছে সেই চৰকাৰী ঘোষণা ঘোষণা হৈয়ে ৰ'ল , সকলো গালো বালো খোলা কটিৰ তাল হল । মাথোঁ কেইটামান টকাৰ বাবেই আজিও চৰকাৰখনে মাটিখিনি নিজৰ নামলৈ অনাত ব্যৰ্থ হোৱা বুলি জানিব পৰা গৈছে। ভাৰতৰত্ন অসমীয়াৰ হিয়াৰ আমঠু ডঃ ভূপেন হাজৰিকাৰ প্ৰতি দেৰিকৈ হলেও সদিচ্ছা প্ৰকাশ কৰিব বুলি আশা কৰিছে সুধাকণ্ঠৰ গুণমুগ্ধ সকলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शिक्षक दिवस पर " मित्र मंडली " ने गुरुजनों का किया सम्मान ,
शिक्षक दिवस पर " मित्र मंडली " ने गुरुजनों का किया सम्मान ,
अपनत्व और विद्यार्थियों...
Breaking News: Punjab में शहीद सुखदेव सिंह के रिश्तेदार संदीप थापर गोरा पर जानलेवा हमला, हालत गंभीर
Breaking News: Punjab में शहीद सुखदेव सिंह के रिश्तेदार संदीप थापर गोरा पर जानलेवा हमला, हालत गंभीर
लोकसभा अध्यक्ष बिरला सोमवार को करेंगे दिवाली की रामाश्यामी
लोकसभा अध्यक्ष बिरला सोमवार को करेंगे दिवाली की रामाश्यामी
बूंदी। दीपावली के पावन अवसर...
'Lalu झुकेगा नहीं...', RJD दफ्तर के बाहर लगा पोस्टर, कहा- तेजस्वी ने खींच दी है बड़ी लकीर; कोई नहीं कर पाएगा छोटा
पटना। Lalu Yadav Nitish Kumar Bihar Politics : राज्य में नई सरकार के गठन के बाद राजद प्रमुख...