SPARK KIDS JUNIOR MISS NORTHEAST INDIA ৰ উদ্যোগত গুৱাহাটীত ১৫ আৰু ১৬ অক্টোবৰত অনুষ্ঠিত হোৱা MR&MISS NORTHEAST INDIA 2022 সুন্দৰী প্ৰতিযোগিতাত নাৰায়ণপুৰৰ পাঁচ গৰাকী ছাত্ৰীয়ে সন্মান বুটলিবলৈ সক্ষম হয় ৷ প্ৰতিযোগিতাখনত BRAND AMBASSADOR খিতাপ দখল কৰিবলৈ সক্ষম হয় মিনাম টিচানি খুনচাও ৷ BEST HAIR খিতাপ দখল কৰে চিত্ৰানি মিঙিং খুনচাওে ৷ তাৰোপৰি STYLE ICON খিতাপ দখল কৰে সঞ্চালি খুনচাও  

৷ তিনিওগৰাকী নাৰায়ণপুৰ ৰয়েল একাডেমীৰ ছাত্ৰী ৷ আনহাতে MISS TEEN NORTHEAST INDIA WINNER খিতাপ দখল কৰে প্ৰহেলিকা ঠাকুৰে ৷ তাৰোপৰি MISS KIDS B প্ৰথম ৰানাৰ্চআপ হয় নিৰ্মালী বৰা ৷ নাৰায়ণপুৰৰ উদীয়মান কৰিঅ’গ্ৰাফাৰ পৰিস্মিতা ভূঞা আৰু দীপু ৰাজখোৱাৰ তত্বাৱধানত অনুশীলন কৰি প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷