অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙত শুকুৰবাৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হৈছে। ডিফু আৰক্ষীয়ে উদ্ধাৰ কৰে এই অস্ত্ৰ-শস্ত্ৰখিনি।

নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই ডিফু আৰক্ষীয়ে হাতী শিবিৰ এলেকাৰ সমীপৰ ধনশিৰি সংৰক্ষিত বনাঞ্চলৰ পৰা উদ্ধাৰ কৰে অস্ত্ৰ-শস্ত্ৰ আৰু গুলী।

খবৰ অনুসৰি, ঘটনাস্থলৰ পৰা দুটা গ্ৰেণেড, এটা এ কে-৪৭ ৰাইফল মেগজিন আৰু ৬৯ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা হৈছে।

ইয়াৰ উপৰি আৰক্ষীয়ে ১২টা এছ এল আৰ আৰ ৰাইফলৰ গুলী আৰু ৩ টা পিষ্টল মেগজিনো উদ্ধাৰ কৰে।

জব্দ কৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদখিনি নিষিদ্ধ ডিমাছা নেশ্যনেল লিবাৰেশ্যন টাইগাৰছ (ডিএনএলটি)ৰ বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।