দুলীয়াজানত পথ দুৰ্ঘটনা। টেংকাৰত খুন্দা মৰাৰফলত এগৰাকী স্কুটী আৰোহী থিতাতে নিহত হয়। 

নিহত যুৱকজন অইল ইণ্ডিয়া লিমিটেডৰ ফিল্ড ইঞ্জিনিয়াৰিং বিভাগৰ কৰ্মচাৰী তথা দুলীয়াজানৰ বকুলনী চাৰিআলিৰ প্ৰণৱজ্যোতি ডেকা বুলি চিনাক্ত কৰা হৈছে। 

জানিব পৰা মতে নিহত অইলৰ কৰ্মচাৰী গৰাকীয়ে এ এচ ০৬ ই ৬২৩৮ নম্বৰৰ স্কুটীখনত কৰ্মক্ষেত্ৰৰ পৰা ঘৰৰ লৈ গৈ থকা অৱস্থাত দুলীয়াজানৰ বিহুতলীৰ সমীপত পথৰ দাঁতিত ৰখাই থোৱা এ এচ ০১ এন চি নম্বৰৰ টেংকাৰখনত খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। 

ফলত অইলৰ কৰ্মচাৰী গৰাকী থিতাতে নিহত হয়। 

এই ঘটনাই বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। 

আৰক্ষীয়ে ঘটনাস্থলত উপস্থিত হৈ ঘটনা সৰ্ন্দভত তদন্ত অব্যাহত ৰাখিছে।