ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীয়ে দেওবাৰে তাৎক্ষণিক কাৰ্যকৰী হোৱাকৈ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ২০৯ টকা বৃদ্ধি কৰে।

তেল কোম্পানীসমূহে ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য ১৫৮ টকা হ্ৰাস কৰাৰ প্ৰায় এমাহৰ পিছত এই মূল্যবৃদ্ধি ঘটিছে।

উল্লেখযোগ্য যে বাণিজ্যিক আৰু ঘৰুৱা এল পি জি (লিকুইফাইড পেট্ৰলিয়াম গেছ) চিলিণ্ডাৰ দুয়োটাৰে মূল্য প্ৰতি মাহৰ প্ৰথম দিনাই মাহেকীয়া সংশোধন কৰা হয়। সেয়েহে আজিৰ পৰা কাৰ্যকৰী হ’ব বৰ্ধিত বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য।

কিন্তু ঘৰুৱা পাকঘৰত ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা ঘৰুৱা এল পি জিৰ মূল্য অপৰিৱৰ্তিত হৈ আছে প্ৰতি ১৪.২ কেজিৰ চিলিণ্ডাৰত ৯০৩ টকা। তদুপৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য অপৰিৱৰ্তিত হৈ থাকিল।

ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৯৬.৭২ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম ৮৯.৬২ টকা।

ইয়াত বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ শেহতীয়া মূল্য দিয়া হৈছে:

📌দিল্লী- ১,৭৩১.৫০ টকা

📌মুম্বাই- ১,৬৮৪ টকা

📌লক্ষ্ণৌ- ১,৮৪৫ টকা

📌চেন্নাই- ১,৮৯৮ টকা

📌বেংগালুৰু- ১,৮১৩ টকাক

📌কলকাতা- ১,৮৩৯ টকা