সোণাৰিৰ বিধবস্ত পথৰ দুৰৱস্থাই জলা-কলা খুৱাইছে ৰাইজক।

চৰাইদেউ জিলাৰ সোণাৰিৰ অন্তৰ্গত জবকা বাগিচাৰ পথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ ফলত দৈনিক প্ৰায় পাঁচ শতাধিক লোক অহা যোৱা কৰা একমাত্ৰ পথটো এতিয়া টাওকাক নৈত জাহ যোৱাৰ উপক্ৰম হোৱাৰ পথত। কণ কণ ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যাবলৈ অভিভাৱকে কোলাত লৈ বিপদ সংকোল ভাৱে পাৰ হব লগীয়া হয়। ৰুগীক চিকিৎসালয়লৈ নিবলৈ এম্বুলেঞ্চ এখনো নোহোমাই। সোণাৰিৰ জৱকা গান্ধী পথৰ দূৰবস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব। দূৰ্ভাগ্যৰ বিষয় যে গৰাখহনীয়াৰ ফলত ২০ বছৰৰ আগতে পথটো জহী খহি যোৱাত কালবাৰ্তো আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল।