*APSC পৰীক্ষাত উত্তীৰ্ণ হৈ ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়াই অনা ত্ৰিনয়ন চমুৱাক ৰাজহুৱা সম্বৰ্ধনা জামুগুৰি গাঁৱত*

"পৃথিৱীৰ আটাইতকৈ শক্তিশালী সম্পদটোৱেই হ'ল জ্ঞান।এই জ্ঞান অৰ্জনৰ বাবে উঠি অহা শিক্ষাৰ্থী সকলে প্ৰচুৰ অধ্যয়ন কৰিব লাগিব।এতিয়া মোবাইল,ইন্টাৰনেটৰ যুগ।গতিকে ইয়াৰ সু-ব্যৱহাৰ কৰি নিজৰ জীৱন গঢ়িব লাগিব।লগতে নিজৰ গাঁৱৰ,অঞ্চলৰ,ৰাজ্যৰ,তথা দেশৰ উন্নয়নৰ ক্ষেত্ৰত ভূমিকা ল'ব লাগিব।"এই মন্তব্য অসম আৰক্ষী সেৱাত স্থান পোৱা ত্ৰিনয়ন চমুৱাৰ।আজি জামুগুৰি গাঁৱৰ হৰি মন্দিৰৰ প্ৰাংগণত আয়োজিত এক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত ভাগ লৈ এ,পি,এছ ত্ৰিনয়ন চমুৱাই নতুন প্ৰজন্মক উদ্দেশ্যি উল্লেখিত মন্তব্য কৰে।কালি ঘোষিত হোৱা অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত-৪৮ সংখ্যক স্থান লাভেৰে উত্তীৰ্ণ হৈ ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়াই অনা ঢকুৱাখনাৰ জামুগুৰি গাঁৱৰ অৰুণ চমুৱা আৰু শশীপ্ৰভা চমুৱাৰ জ্যেষ্ঠ পুত্ৰ ত্ৰিনয়ন চমুৱাক আজি তেওঁ জন্ম গাঁও জামুগুৰিৰ ৰাইজে গাঁৱৰ নামঘৰত ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়।