শনিবাৰে গোলাঘাট বিধানসভা সমষ্টিৰ মেৰাপানীৰ চাওদাং পথাৰত অসম গণ পৰিষদ দলৰ এখন দলীয় সভাত অঞ্চলটোৰ শতাধিক লোকে অসম গণ পৰিষদ দলত যোগদান কৰে। চাউদাং পথাৰ গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ পবিত্ৰ ঠেঙালৰ বাসগৃহত অনুস্থিত সভাখনত গোলাঘাট জিলাৰ অগপ দলৰ সভাপতি ডঃ নৃপেন বৰুৱা উপস্থিত থাকে।

বকুল বৰাৰ সভাপতিত্বত অনুস্থিত সভাখনত দীপু লইং আৰু পবিত্ৰ ঠেঙালৰ নেতৃত্বত কংগ্ৰেছ আৰু অনান্য দল ত্যাগ কৰি চল্লিশটা পৰিয়ালৰ শতাধিক লোকে অগপ দলত যোগদান কৰে। উল্লেখযোগ্য যে, পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গোলাঘাট বিধানসভা সমষ্টিত সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ বাবে অসম গণ পৰিষদ দলে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে।