গোগামুখ আৰক্ষী থানাৰ প্ৰশাসনীয় পদক্ষেপ

 দেশে স্বাধীনতাৰ অমৃত মহোৎসব তথা ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে আজি গোগামুখৰ অন্যান্য অনুষ্ঠান প্ৰতিস্থানৰ লগতে গোগামুখ আৰক্ষী থানাতো এই উৎসৱ উদযাপিত হয়। 

   গোগামুখ আৰক্ষী থানাৰ উদ্যোগত আৰু থানাৰ অন্তর্ভুক্ত মহিলা কোষৰ সহযোগত আজি প্ৰথমবাৰৰ বাবে চতুর্থ, পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্র-ছাত্ৰীসকলৰ মাজত ঠাইতে অকাঁ চিত্ৰাঙ্কণ প্ৰতিযোগিতা আৰু মিউজিক চেয়াৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে । উক্ত অনুস্থানত ৭০ ছাত্র-ছাত্ৰীয়ে উক্ত প্ৰতিযোগিতাত অংশগ্রহণ কৰাৰ লগতে অঞ্চলটোৰ বহু নাগৰিকেও সহযোগিতা আগবঢ়ায়। 

    আৰক্ষী থানাৰ এনে পদক্ষেপে জনসাধাৰণ আৰু আৰক্ষীৰ মাজত সৌহার্দ্যপূর্ণ সম্পর্ক গঢ়ি তোলাত নিশ্চয় সহায় কৰিব