সদ্যঘোষিত অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত ঢকুৱাখনা দুজন ছাত্ৰই আৰক্ষী সেৱা পদত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে।
ঢকুৱাখনা বালি গাওঁৰ মানসপ্ৰতিম চৌধুৰীয়ে APSC ৰ আৰক্ষী সেৱাৰ অষ্টম স্থান দখল কৰাৰ বিপৰীতে ঢকুৱাখনা জামুগুৰিৰ ত্ৰিনয়ন চমুৱাই আৰক্ষী সেৱাৰ ৪৮নং স্থানত উত্তীৰ্ণ হৈ ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়াই আনিছে।
উল্লেখে যে মানসপ্ৰতিম চৌধুৰীয়ে পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাত একাদশ স্থান দখল কৰি ঢকুৱাখনাবাসিক গৌৰাম্বিত কৰি তুলিছিল।