অসম লোকসেৱা আয়োগৰ ফলাফলত উজ্জ্বলিল পশ্চিম দৰ‌ঙৰ বামুণঝাৰৰ জ্যোতিষ নাথ ।

শুক্ৰবাৰে ঘোষণা হ'ল অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল। পৰীক্ষাৰ ফলাফল অনুসৰি শ্ৰম পৰিদৰ্শক হিচাপে উত্তীৰ্ণ হয় পশ্চিম দৰঙৰ বামুণঝাৰ গাঁৱৰ জ্যোতিষ নাথ । 

  বামুণঝাৰ গাঁৱৰ টংকেশ্বৰ নাথ আৰু দুলু ৰাণী নাথৰ এক মাত্ৰ পুত্ৰ জ্যোতিষ নাথৰ এনে সফলতাত বৃহত্তৰ পশ্চিম দৰ‌ঙত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে।

জ্যোতিষ নাথ সম্প্ৰতি কামৰূপ জিলাৰ ৰূপান্তৰ আৰু উন্নয়ন শাখাৰ গবেষণা সহায়ক হিচাবে কৰ্মৰত ।

একেদৰে অসম লোকসেৱা আয়োগৰ অন্তৰ্গত অসম আৰক্ষী সেৱাৰ ৫৭ সংখ্যক স্থানত উৰ্ত্তীৰ্ণ হয় নামখলাৰ ডিম্পী বৰুৱা। নামখলাৰ বাহমোল্লা গাঁৱৰ ধীৰেন বৰুৱা আৰু জিতুমণি বৰুৱাৰ একমাত্ৰ কন্যা ডিম্পীৰ সাফল্যত পামুৱেইপাৰা যুৱমঞ্চ,নহৰুজ্যোতি সংঘ,নামখলা আদৰ্শ জাতীয় বিদ্যালয়, নামখলা প্ৰেছ ক্লাৱ, নামখলা আঞ্চলিক ছাত্ৰ সন্থা,ৰামধেনু সাহিত্য চক্ৰ, নামখলা চ’ক ব্যৱসায়ী সন্থা প্ৰমুখ্যে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে ডিম্পী বৰুৱাক শুভেচ্ছা জ্ঞাপন কৰে ৷