পোহৰৰ উৎসৱ দিপাৱলী উপলক্ষে বজালী জিলা প্ৰশাসনে অহা ২৫ অক্টোবৰৰ দিনটো স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছে। জিলা উপায়ুক্ত কাবেৰী বি শৰ্মাই এক নিৰ্দেশনা জাৰি কৰি এই কথা জনাইছে।

জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাটোত স্পষ্টভাৱে কোৱা হৈছে যে ২৫ অক্টোবৰ অৰ্থাত মঙলবাৰে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, বিদ্যালয় আৰু মহাবিদ্যালয়, আদালত, বেংক আদিকে ধৰি চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থাকিব।

বজালী জিলা প্ৰশাসনৰ উপৰি কামৰূপ জিলা প্ৰশাসনেও স্থানীয় বন্ধ ঘোষণা কৰিছে। 

উল্লেখ্য যে, ২৪ আৰু ২৫ অক্টোবৰত দেশজুৰি ব্যাপক উলহ-মালহেৰে পোহৰৰ উৎসৱ দিপাৱলী উদযাপন কৰা হ’ব। অৱশ্যে ২৪ অক্টোবৰৰ দিনটো অসমত ৰাজ্যিক বন্ধ থাকিব। 

এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু ই ‘অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়’ক প্ৰতিনিধিত্ব কৰে।

প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত এই উদযাপন কৰা হয়।